State BJP spokesperson press meet : লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰদলে নাপাব পাৰে পূৰ্বৰ সমষ্টিৰ আসন - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
বৰপেটা, ধুবুৰীত বুথ শক্তিশালী কৰাত এতিয়া বিজেপি ব্যস্ত । যোৱাবাৰ মিত্ৰদলে প্ৰতিদ্বন্দিতা কৰা সমষ্টিত এইবাৰ নাথাকিব পাৰে মিত্ৰদলৰ প্ৰতিনিধি । এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ(State BJP spokesperson Subhash Dutta) । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আৰু কিশোৰ উপাধ্যায়ে কংগ্ৰেছেক ক্ষুৰধাৰ সমালোচনা কৰে ।
বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয়, কংগ্ৰেছ আৰু এআইইউডিএফ(Congress-AIUDF alliance in Assam) দলে এতিয়া নাটক কৰি আছে । কংগ্ৰেছে কৈছে এআইইউডিএফ আমাৰ লগত নাই ৷ কিন্তু এআইইউডিএফে কৈছে আমি কংগ্ৰেছৰ লগত আছো । লোকসভা নিৰ্বাচনৰ সময়ত দুয়োটা দল এক হ’ব । লোকসভা নিৰ্বাচনত আজমলে হাতৰ চিহ্নত ভোট দিব । ধুবুৰীৰ ফালে তলা-চাবিত ভোট দিব কংগ্ৰেছে । ভূপেন বৰাই শূন্যতে গদা ঘূৰাই আছে । কংগ্ৰেছে অসমৰ উন্নতি আৰু বিকাশৰ বিৰুদ্ধে স্থিতি লৈছে ।
তেওঁ লগতে কয়, দুয়োটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । কংগ্ৰেছৰ পাপ বহুত হৈছে । পাপ খণ্ডনৰ বাবে ভূপেন বৰাই মছজিদ-গীৰ্জালৈ গৈছে । শেহতীয়াকৈ ধূতি পিন্ধি মন্দিৰলৈ যোৱা পৰিলক্ষিত হৈছে । হাজাৰবাৰ গংগাত গা ধুলেও কংগ্ৰেছৰ পাপ খণ্ডন নহয় ৷ সংবাদমেলত নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই(BJP spokesperson Subhash Dutta addresses media) ।
সুভাষ দত্তই কয়- বৰপেটা, ধুবুৰীত বুথ শক্তিশালী কৰাত এতিয়া বিজেপি ব্যস্ত । কোকৰাঝাৰতো শক্তিশালীকৰণত ব্যস্ত বিজেপি । মিত্ৰদলে নাপাব পাৰে পূৰ্বৰ সমষ্টিৰ আসনত প্ৰতিনিধিত্বৰ সুযোগ । বিশেষকৈ কোকৰাঝাৰ আৰু বৰপেটাত যোৱাবাৰ মিত্ৰদলে প্ৰতিদ্বন্দিতা কৰা সমষ্টিত এইবাৰ নাথাকিব পাৰে মিত্ৰদলৰ প্ৰতিনিধি । নিৰ্বাচন জয়ী হোৱাৰ স্বাৰ্থত দলৰ আলোচনা কালতহে লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত ।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সভাপতি জে পি নাড্ডাৰ নেতৃত্বত আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা কৰে ৷ ইফালে সংখ্যালঘু প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আন এজন মুখপাত্ৰ কিশোৰ উপাধ্যায় কয় যে(State BJP spokesperson Kishore Upadhyay), বিজেপিৰ নীতি সৰ্বধৰ্ম, সমভাৱ । বিজেপিৰ সংখ্যালঘু মৰ্চা আছেই । আমাক প্ৰতিটো নিৰ্বাচনত সংখ্যালঘু ৰাইজে ভোট দি আহিছে ।
উপাধ্যায়ে আৰু কয় যে, ভাৰতীয় খেলুৱৈয়ে শতক মাৰিলে সুখী হোৱাসকল ভাৰতীয়, বাবৰ আজমৰ শতকত সুখী হোৱাসকল ভাৰতীয় নহয় । যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক যাৰ ওপৰত কৰো সন্দেহ নাই তেওঁলোকে বিজেপিক ভোট দিয়ে । তেওঁ আৰু কয় য়ে, সংখ্যালঘু, গৰিয়া, মৰিয়া আদিক বিজেপি চৰকাৰেহে স্বীকৃতি দিছে । আমি সংখ্যালঘু লোকসকলৰ সৈতে ঘনিষ্ঠ । ভাৰতৰে পানী, খাদ্য সামগ্ৰী খাই, আন আন সুবিধা গ্ৰহণ কৰি ভাৰতৰ অংশ বাংলাদেশক চামিল কৰাসকল ভাৰতীয় নহয় ।