BJP slams Congress : কংগ্ৰেছ চাৰিটা লবীত বিভক্ত হৈ আছে: বিজেপি - BJP press meet in Guwahati
Published : Oct 10, 2023, 8:33 PM IST
গুৱাহাটী ১০ অক্টোবৰ:ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা অসম মালাৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈয়ে । আজি এক সংবাদমেলত তেওঁ কয় যে এই প্ৰকল্পই অসমৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনি উন্নয়নৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব । এই সংবাদমেলতেই তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে ।
মুখপাত্ৰ কল্যাণ গগৈয়ে কয় যে ভূপেন বৰাই কিছুদিনৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাইছে । কংগ্ৰেছ দলত গৌৰৱ গগৈৰ স্থিতি সবল হোৱা বাবেই ভূপেন বৰাৰ এনে অৱস্থা হৈছে । তেওঁ কয় যে কংগ্ৰেছৰ দলীয় অনুষ্ঠান সমূহত ভূপেন বৰাৰ পৰিবৰ্তে গৌৰৱ গগৈকহে দেখা পোৱা গৈছে । গৌৰৱ গগৈয়ে দলত বেছি গুৰুত্ব পোৱাত ভূপেন বৰা শংকিত হৈছে ।
কংগ্ৰেছ চাৰিটা লবীত বিভক্ত হৈ আছে বুলি মন্তব্য় কৰি তেওঁ কয় যে এটা ভূপেন বৰা নিজেই, দ্বিতীয়টো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত, তৃতীয়টো প্ৰদ্যুৎ বৰদলৈৰ শিবিৰ আৰু চতুৰ্থটো গৌৰৱ গগৈৰ । যোৱা ১০ টা বছৰত কোনো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিক বাৰে বাৰে দিল্লীলৈ তলব কৰা হোৱা নাছিল । ভূপেন বৰাই অতি কমদিনৰ ভিতৰত চকী হেৰুৱাব । আনহাতে, বিপিএফত বিজেপি আৰু ইউপিপিএলৰ সদস্যই যোগদান সন্দৰ্ভত মন্তব্য আগবঢ়াই তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে এয়া সাধাৰণ ঘটনা । ভাৰতীয় জনতা পাৰ্টীতো যোগদান কাৰ্যসূচী চলি আছে ।
লগতে পঢ়ক:Amrit Kalash Controversy: ৰৌ-বৰালী এৰি ব্লক-জিলা পৰ্যায়ৰ নেতাক নিলম্বন কৰিয়েই ক্ষান্ত প্ৰদেশ কংগ্ৰেছ