অসম

assam

ETV Bharat / videos

State BJP spokesperson press meet : কংগ্ৰেছক তুলাধূনা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আৰু কিশোৰ উপাধ্যায়ৰ - বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়

By

Published : Dec 12, 2022, 9:13 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

"অসমত ভাৰত জোড়োৰ প্ৰয়োজন নাই (Congress Bharat Jodo Yatra)৷ কংগ্ৰেছেই খণ্ড খণ্ড কৰিছিল ভাৰতক ৷ কংগ্ৰেছে যিবোৰ পাপ কৰিছিল সেই পাপবোৰ মোচন কৰিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ খোজ কাঢ়ি ফুৰিছে ৷ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিছিল ৰাজ্যত ৷ কংগ্ৰেছৰ পূৰ্বৰ নেতাসকলে যি অপৰাধ কৰিছিল সেইসমূহ আঁতৰাবলৈ এতিয়া শদিয়াৰ পৰা ধুবুৰীলে ধৰ্মীয় অনুষ্ঠানে অনুষ্ঠানে সেৱা কৰি ফুৰিছে ৷ হয়তো তেওঁলোকে ভাবিছে অসমৰ মানুহে তেওঁলোকৰ কথাবোৰ পাহৰিছে ৷ সেইবাবে তেওঁলোকে এতিয়া পুনৰ অসমৰ লোকসকলৰ মাজত সোমাবলৈ প্ৰায়স কৰিছে ৷ কিন্তু মোৰ বিশ্বাস অসমৰ ৰাইজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰাৰ কথা কেতিয়াও নাপাহৰে ৷ অসমৰ ৰাইজে হিতেশ্বৰ চৰকাৰৰ দিনত টায়াৰত বিদ্ৰোহী সংগঠনৰ যুৱক জ্বলোৱাৰ কথা কেতিয়াও নাপাহৰে ৷" সোমবাৰে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত (State BJP spoke person Subhas Dutta) আৰু জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে (Senior spoke person Kishor Upadhaya) এক সংবাদমেল আয়োজন কৰি কংগ্ৰেছক কটাক্ষ কৰে (State BJP spokesperson press conference) ৷ ভূপেন বৰাৰ (APCC President Bhupen Bora) কবিতা লিখাত আপত্তি নাই, পঢ়াত আপত্তি নাই ৷ কিন্তু মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ নামত অসাংবিধানিক শব্দ প্ৰয়োগ কৰাটো অনুচিত বুলি মন্তব্য প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details