অসম

assam

Stakeholders Meeting on Human Elephant Coexistence

ETV Bharat / videos

Man-Elephant Conflict: হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যৰে বিজনীত বিশেষ সভা - হাতী মানুহৰ সংঘাত

By

Published : May 10, 2023, 8:06 PM IST

চিৰাং, 10 মে’:  হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যৰে বিজনীত অনুষ্ঠিত হ’ল এক বিশেষ সভা ৷ বনাঞ্চল ধ্বংস ৰোধ কৰি হাতী-মানুহৰ সংঘাত ৰোধ কৰি, সহাৱস্থান সৃষ্টিৰ উদ্দেশ্যেৰে চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চল বিষ্ণুপুৰত, ৰাইজৰ সৈতে বন বিভাগৰ বিশেষ সভা (Stakeholders Meeting on Human Elephant Coexistence) ৷

মঙলবাৰে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভূটান সীমান্তৱৰ্তী বিষ্ণুপুৰত জিলা প্ৰশাসন, বন বিভাগ তথা WTI ৰ উদ্যোগত হাতী-মানুহৰ সহাৱস্থান শীৰ্ষক এক বিশেষ সভা অনুষ্ঠিত হয় ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত প্ৰায় প্ৰতিদিনেই হাতী -মানুহৰ সংঘাতত বহু লোকৰ ঘৰ-বাৰী ধ্বংস হোৱাৰ ওপৰিও বহু লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ’ব লগা হৈছে (Man-Elephant Conflict) ৷

হাতী-মানুহৰ সংঘাত আৰু বন ধ্বংস ৰোধ কৰিবলৈ ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে স্থানীয় ৰাইজক লৈ এই অঞ্চলত হাতী -মানুহৰ সহাৱস্থান শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে বন বিভাগে ৷ এই সভাত উপস্থিত থাকে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিৰাং জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, চিৰাং বন সংমণ্ডল বিষয়া (DFO) ব্ৰহ্মানন্দ পাতিৰী, বিজনী মহকুমাধিপতি অভিষেক জৈন, WTIৰ পৰিচালক সনাতন ডেকাৰ লগতে সীমান্ত অঞ্চলৰ বহু সংখ্যক লোক (Man-Elephant Conflict in Chirang) ৷

লগতে পঢ়ক:Madhabdev Kalakshetra inaugurates: ৰাইজৰ বাবে মুকলি হ'ল মাধৱদেৱ কলাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details