অসম

assam

By

Published : Dec 15, 2022, 1:17 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

SSB Raising Day: ৰঙিয়াত SSBৰ উদ্যোগত চাইকেল ৰেলী

অহা ২০ ডিচেম্বৰত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস (SSB Raising Day 2022)। দেশজুৰি এছ এছ বিয়ে বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে । ইয়াৰ মাজতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰঙিয়াত চাইকেল ৰেলীৰ আয়োজন কৰা হয় (SSB organized cycle rally in Rangia)। এছ এছ বিৰ উপ-মহাপৰিদৰ্শক জগদীপ পাল সিঙৰ নেতৃত্বত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে । চাইকেল ৰেলীৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক এছ এছ বিৰ প্ৰতি আকৰ্ষিত কৰি যোগদান কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ পৰা নলবাৰীলৈ উলিওৱা হয় এই চাইকেল ৰেলী ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details