অসম

assam

ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ

ETV Bharat / videos

Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ

By

Published : May 2, 2023, 8:44 PM IST

শিৱসাগৰ, 2 মে’:অৱশেষত জামিন মঞ্জুৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ (Srinkhal Chaliha got bail)৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে শৃংখল চলিহাৰ জামিন । কিন্তু আদালতৰ সময় পাৰ হৈ যোৱাৰ বাবে 15 হাজাৰ টকাৰ বেইল ব'ণ্ড জমা দিব নোৱাৰাত আজি নিশা ন্যায়িক জিম্মাত ৰখা হ’ব নেতাজনক (Srinkhal Chaliha arrested) ৷  কাইলৈ অৰ্থাৎ 3 মে’ত পুৱা সম্পূৰ্ণৰূপে মুকলি আকাশৰ তললৈ আহিব শৃংখল চলিহা । নটাকৈ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক ৷ শিৱসাগৰ সদৰ থানাত 63/23 নম্বৰ গোচৰত ৰুজু কৰা হৈছে নেতাগৰাকীৰ বিৰুদ্ধে ৷  

উলেখ্য যে, বিহুৰ চান্দা বিচৰাৰ নামত অংকুশ কেডিয়া নামৰ শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীক 1 মে’ত গাত থুৱাই দিয়াৰ অভিযোগ উঠিছিল শৃংখল চলিহাৰ বিৰুদ্ধে ৷ কেডিয়াই শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে চলিহাক আজি পুৱা গ্ৰেপ্তাৰ কৰিছিল ৷ বিহুৰ চান্দা তুলিবলৈ গৈ অনা অসমীয়া ব্যৱসায়ীজনৰ লগত অভব্য আচৰণ কৰিছিল শৃংখল চলিহাই ৷ এই সমগ্ৰ ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈছিল ৷ 
লগতে পঢ়ক:Man Get Electructed in Guwahati: মহানগৰীত বিদ্যুতস্পৃষ্ট হৈ আহত শ্ৰমিক

ABOUT THE AUTHOR

...view details