অসম

assam

By

Published : Oct 29, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Raas Mahotsav 2022: সমাগত ৰাস মহোৎসৱ; বোকাখাতত মঞ্চ কঁপাবলৈ সাজু এদল মহিলা

কংসৰ কাৰাগাৰত দৈৱকীৰ হিয়াভগা কান্দোন । বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহী যুৱক সংঘত এতিয়া দিনে নিশাই চলিছে ৰাসৰ আখৰা (Srikrishna Women Raas Preparation at Bokakhat) । ৬০ টা বছৰ গৰকা কুৰুৱাবাহী যুৱক সংঘৰ এইবাৰ ৰাস হ’ব ব্যতিক্ৰম । সম্পূৰ্ণ মহিলাৰ দ্বাৰা মঞ্চস্থ হ’ব ৰাসৰ নাট । কংসৰ পৰা কালকেতুলৈ চৰিত্ৰই মহিলা । ইতিমধ্যে পূৰ্ণ গতিত চলিছে ৰাসৰ আখৰা ।১৯৬৩ চনৰ পৰা কুৰুৱাবাহী যুৱ সংঘই পুৰুষ আৰু নাৰীৰ সহ-অভিনয়ৰে ৰাস পৰিৱেশন কৰি আহিছে যদিও এইবছৰ কেৱল মহিলাৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ৰাস মঞ্চস্থ কৰিবলৈ দিহা কৰিছে । বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ বোৱাৰীৰ লগতে গাঁৱৰ পৰা আন অঞ্চললৈ বিবাহ হৈ যোৱা জীয়ৰী সকলে ৰাসৰ বাবে নিজ গাঁৱলৈ আহি আখৰাত ব্যস্ত হৈ পৰিছে । মহিলাসকলৰ উদ্যমক প্ৰতিটো পৰিয়ালে সহযোগ কৰাৰ লগতে উৎসাহ যোগাইছে বুলি মত পোষণ কৰে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details