Lakshmi Puja celebration: মাজুলীত শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন - Lakshmi Puja celebrate in INDIA
Published : Oct 28, 2023, 8:44 PM IST
মাজুলী,২৮ অক্টোবৰ :আজি লক্ষ্মী পূজা । ধন, ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । সত্ৰ নগৰী মাজুলীৰ বিভিন্ন স্থানটো উলহ-মালহেৰে পালন কৰা হৈছে লক্ষ্মী পূজা । মাজুলীৰ বিভিন্ন অঞ্চলৰ লগতে বনগাঁও চাৰিআলিৰ ব্যৱসায়ী সন্থাই বিগত বছৰবোৰৰ দৰে এইবাৰো বনগাঁও চাৰিআলিত উলহ-মালহেৰে উদযাপন কৰে লক্ষ্মী পূজা ।
দিনজোৰা কাৰ্যসূচী অনুসৰি দিনৰ ভাগত নাম-প্ৰসংগ অনুষ্ঠিত কৰা হয় আৰু নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব । লক্ষ্মী দেৱীৰ ওচৰত সেৱা জনাই সকলোৰে এটাই আশা আই লক্ষ্মীয়ে সকলোকে কৃপা কৰক । লগতে সকলো কাৰ্যসূচীত অঞ্চলটোৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই উদ্যোক্তাসকলে । উল্লেখ্য যে শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ দিনাৰ পৰাই অৰ্থাৎ লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই মাজুলীত আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা ।
লগতে পঢ়ক :Lakshmi Puja 2023: লক্ষ্মী বন্দনাৰে মুখৰিত টীয়কৰ কাৱৈমাৰী গোহাঁই গাঁও