অসম

assam

ICC Cricket WC 2023: ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 1:03 PM IST

Updated : Sep 27, 2023, 6:59 PM IST

৯ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ

গুৱাহাটী, 27 ছেপ্টেম্বৰ : মাজত মাত্ৰ 8 দিন ৷ তাৰ পিচতে আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ ৷ অহা 5 অক্টোবৰ পৰা ভাৰতত আৰম্ভ হ’ব আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ 2023 ৷ আইচিচি এদিনীয়া বিশ্বকাপক লৈ ভাৰতত ইতিমধ্যে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো আক্ৰান্ত হৈছে ক্ৰিকেট জ্বৰত ৷ আনফালে ভাৰতত বাহৰ পাতিছেহি প্ৰায়সমূহ ক্ৰিকেট দলে ৷ 

ইয়াৰে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৱার্ম আপ মেছৰ বাবে বুধবাৰে পুৱাৰ ভাগতে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় শ্ৰীলংকাৰ ক্ৰিকেট দলটো । গুৱাহাটী বিমানবন্দৰত শ্ৰীলংকা দলটো উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম ক্ৰিকেট সন্থাৰ লগতে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ লোকে । 

শ্ৰীলংকা ক্ৰিকেট দলটোক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পোনে পোনে হোটেল তাজ ভিভান্টালৈ লৈ যোৱা হয় । আনহাতে আজি সন্ধিয়াৰ ভাগত বিশেষ বিমান যোগে বাংলাদেশৰ ক্ৰিকেট দল গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব । বাংলাদেশৰ ক্ৰিকেট দলটোক ৰখা হ’ব হোটেল ৰেডিছন ব্লুত । 29 ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ৱাৰ্ম আপ মেচসমূহ ৷

আইচিচিৰ সূচী অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত 29 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈকে চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব । ইয়াৰে 29 ছেপ্টেম্বৰত বাংলাদেশে প্ৰথমখন ৱাৰ্ম আপ মেচ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ৷ তাৰ পিচত 30 ছেপ্টেম্বৰত দ্বিতীয়খন ৱাৰ্ম আপ মেচত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । 2 অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন ৱাৰ্ম আপ মেচ ৷ আনহাতে, 3 অক্টোবৰত গুৱাহাটীত চতুৰ্থ আৰু অন্তিমখন ৱাৰ্ম আপ মেচত আফগানিস্তানৰ বিৰুদ্ধে শ্ৰীলংকা খেলপথাৰত নামিব । 

উল্লেখযোগ্য যে আইচিচি ক্ৰিকেট বিশ্বকাপ 2023ত অংশগ্ৰহণ কৰা 10 টা দলেই অহা 5 অক্টোবৰত বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰ সপ্তাহটোত প্ৰত্যেকেই দুখনকৈ আনুষ্ঠানিক 50 অভাৰৰ খেলত অংশগ্ৰহণ কৰিব । সমগ্ৰ ভাৰতৰ তিনিখন ভিন্ন চহৰত এই কেইখন খেল অনুষ্ঠিত হ’ব ৷ তাৰ ভিতৰত গুৱাহাটী অন্যতম ৷ আন দুখন চহৰ হ’ল হায়দৰাবাদ আৰু থিৰুৱন্তপুৰম ৷

লগতে পঢ়ক:Asian Games 2023 : এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১১ লৈ বৃদ্ধি 

Last Updated : Sep 27, 2023, 6:59 PM IST

ABOUT THE AUTHOR

...view details