Srikrishna Raas Preparation: শৰতৰ পূৰ্ণিমাৰ নিশা ৰাসলীলা কৰিবলৈ সাজু কলিয়াবৰৰ গোপী - পূৰ্ণিমাৰ নিশা ৰাসলীলা কৰিবলৈ সাজু কলিয়াবৰৰ গোপী
"আহা সখী আহা বাই বৃন্দাবনে যাও, বজাইছে মোহন বংশী নয়ন ভৰি চাও..." শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাথো কেইটামান দিন বাকী(Preparation for Raaslela mahotsav) । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ(Sri Krishna Raas preparation at Kaliabor) । মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও কলিয়াবৰত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট 'কেলি-গোপাল' অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে পালন কৰি অহা হৈছে । এইবেলিও কলিয়াবৰৰ বিভিন্ন স্থানত 'কেলি-গোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাস উদ্যাপনৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছে । খোলে-তালে ৰজন-জনাই উঠিছে কলিয়াবৰৰ চৌ-দিশ । প্ৰতি বছৰৰ দৰে আখৰাস্থলীসমূহত ব্যস্ত গাঁৱৰ যুৱক-যুৱতী, ৰাইজ ।
Last Updated : Feb 3, 2023, 8:30 PM IST