অসম

assam

আধ্যাত্মিক যুৱ সন্মিলন

ETV Bharat / videos

Spiritual youth conference: মাজুলীৰ জেংৰাই মুখত অনুষ্ঠিত হৈছে আধ্যাত্মিক যুৱ সন্মিলন

By

Published : Jun 2, 2023, 2:25 PM IST

মাজুলী, 2 জুন :দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ মুখ্য পৃষ্ঠপোষকতাত শুকুৰবাৰে পৰা মাজুলী জেংৰাইমুখত অনুষ্ঠিত হৈছে আধ্যাত্মিক যুৱ সন্মিলন ২০২৩ (Spiritual youth conference) । মাজুলীৰ জেংৰাইমুখত অনুষ্ঠিত হোৱা এই আধ্যাত্মিক যুৱ সন্মিলনৰ মঞ্চত মাজুলীৰ নগৰাকী সত্ৰাধিকাৰে আশীষ দিলে জনজাতীয় মহিলাক ।

আধ্যাত্মিক যুৱ সন্মিলনে ২০২৩ বৰ্ষতো মহিলা সৱলীকৰণ বৰ্ষ হিচাপে পালন কৰি আহিছে । মাজুলীৰ প্ৰায় বিভিন্ন প্ৰান্তৰৰ ২১০০ গৰাকী জনজাতীয় মহিলাই এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে (Spiritual workshop for tribal women in Majuli)। এই উদ্দেশ্যে জেংৰাইমুখত ১জুনৰ পৰা অনুষ্ঠিত হৈছে জনজাতীয় মহিলাৰ সৱলীকৰণ অনুষ্ঠান । প্ৰথম দিনৰ কাৰ্যসূচীত মাজুলীৰ প্ৰায় ৯ খন সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকি এই কৰ্মশালাত অংশগ্ৰহণ কৰা মহিলা তথা যুৱতীসকলক উৎসাহিত কৰে । সকলো জনজাতীয় লোকক লগত লৈ একেলগে আগবঢ়াৰ মন্তব্য ৰাখে উপস্থিত সত্ৰাধিকাৰসকলে (Spiritual youth conference 2023) ।

ইফালে ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীয়ে কয় আগতে জেংৰাই বুলিলে সকলোৰে চকু আছিল, অন্যধৰ্ম লৈ দুই এজন গৈছিল । এতিয়া সকলো সলনি হৈছে আমি সকলোকে একেলগে আগবাঢ়িম । এই অনুষ্ঠান সফল হৈছে বুলি মন্তব্য উত্তৰ কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ । লগতে আউনিআটি, গড়মূৰ, নতুন কমলাবাৰী, আধাৰ সত্ৰ সত্ৰাধিকাৰো উপস্থিত থাকে ।

লগতে পঢ়ক :Bhuban Gam visits Bhanimai Dutta Bora home : ভনীমাইক সকলো ধৰণৰ সহায়ৰ আশ্বাস বিধায়ক ভুৱন গামৰ

ABOUT THE AUTHOR

...view details