মাইকী ধনেশ আৰু সন্তানৰ সুৰক্ষা এইদৰে কৰে মতা ধনেশ পক্ষীয়ে... - Great Hornbill found
Published : Jan 7, 2024, 5:31 PM IST
কাজিৰঙা, ৭ জানুৱাৰী :ইতিহাসত উল্লেখিত বাণৰজাই গড় সজাইছিল নিজৰ জীয়ৰীক উষাৰ সুৰক্ষাৰ বাবে ৷ দুহিতাৰ প্ৰতি থকা আন্তৰিকতাৰ এক নিভাঁজ নিদৰ্শন দেখা পোৱা যায় ইতিহাস প্ৰসিদ্ধ আখ্যানত ৷ নিজৰ আপোনজনক সুৰক্ষিত কৰি ৰখাৰ চিন্তা কেৱল জীৱশ্ৰেষ্ঠয়েই নকৰে ৷ আপোনজনক সুৰক্ষা দিবলৈ বহু কঠোৰ সিদ্ধান্ত লয় এক বিশেষ প্ৰজাতিৰ পক্ষীয়েও ৷ সহধৰ্মিনী আৰু সন্তানক সুৰক্ষিত কৰিবলৈ অত্যন্ত মৰমলগা পখী ধনেশেও লয় বিশেষ ব্যৱস্থা ৷
ট্যুৰিষ্ট গাইড পলাশ বড়াই অসমৰ বিভিন্ন হাবিত ইতিমধ্যেই স্থানীয়-পৰিভ্ৰমী বহু চৰাইৰ চাৰিত্ৰিক বৈশিষ্টৰ অধ্যয়ন কৰিছে ৷ পক্ষীৰ শতাধিক প্ৰজাতিৰ সৈতে একাত্ম হোৱা ট্যুৰিষ্ট গাইড পলাশ বড়াই আমাৰ কেমেৰাত বন্দী হোৱা এই বিশেষ প্ৰজাতিৰ পক্ষী সম্বন্ধে প্ৰকাশ কৰে কেতবোৰ মন্তব্য ৷
ট্যুৰিষ্ট গাইডগৰাকীয়ে কয়, ‘‘অসমৰ বিভিন্ন হাবি-বননিত দেখা পোৱা ধনেশ পখী ৷ যাক ইংৰাজীত Great Hornbill বুলি কোৱা হয় ৷ এই পক্ষীবিধৰ আছে সাংঘাতিক বৈশিষ্ট৷ নিজৰ পত্নী-সন্তানক শুশ্ৰূষা কৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰে মতা ধনেশ পক্ষীটোৱে’’ ৷
ট্যুৰিষ্ট গাইড বড়াৰ মতে প্ৰতিবছৰৰ মাৰ্চ-এপ্ৰিল মাহত কণী পাৰি পোৱালি জগায় মাইকী ধনেশ চৰাইজনীয়ে ৷ গছৰ খোৰোঙত পোৱালি জগাওতে বিভিন্ন শত্ৰুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে ধনেশজনীক ৷ কোনো শত্ৰুৱে যাতে মাতৃ-সন্তানক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবেই মতা ধনেশ চৰাইটোৱে অৱলম্বন কৰে এক অভিনৱ কৌশল ৷
মাইকী ধনেশজনীয়ে উমনি লৈ থকা গছজোপাৰ খোৰোঙৰ কেউপিনে মতা ধনেশটোৱে এক বিশেষ প্ৰলেপ দি গছজোপাৰ খোৰোঙটো একপ্ৰকাৰ বন্ধ কৰি সহধৰ্মিনী আৰু আগন্তুক সময়ৰ সন্তানৰ সুৰক্ষা প্ৰদান কৰে ৷ এনেকৈ প্ৰলেপ দিয়ে যাতে বাহিৰা শত্ৰুৱেতো আক্ৰমণ কৰিব নোৱাৰেই, আনকি মাইকী ধনেশ চৰাইজনীও খোৰোঙৰ পৰা ওলাব নোৱাৰা হয় ৷ এই সময়ছোৱাত মতা ধনেশ চৰাইটোৱে উমনি লৈ থকা মাইকীজনীৰ বাবে খাদ্যৰ যোগান ধৰে ৷
পোৱালি জগাৰ পাচত খোৰোঙৰ প্ৰলেপ ভাঙি মাইকী ধনেশজনী আৰু পোৱালিক বাহিৰ উলিয়াই আনে মতা ধনেশটোৱে ৷ কিন্তু কিবা কাৰণত যদি এই সময়ছোৱাত মতা চৰাইটোৰ মৃত্যু ঘটে তেন্তে পোৱালিৰ বাবে উমনি লৈ থকা অৱস্থাতে খোৰোঙৰ ভিতৰতে মাইকী ধনেশ চৰাইজনী আৰু আগন্তুক পোৱালিবোৰে অকাল মৃত্যুক সাৱটি লয় ৷
অসমৰ বিভিন্ন স্থানত পূৰ্বে সুন্দৰ ঠোঁটটোৰ কাৰণে ধনেশ পক্ষীক একাংশ লোকে হত্যা কৰিছিল যদিও সেয়া সম্প্ৰতি হ্ৰাস পাইছে ৷ কিন্তু কোনো কাৰণতে মাৰ্চ-এপ্ৰিল মাহত ধনেশ পক্ষীক হত্যা কৰিব নাপায় ৷ পোৱালি জগোৱাৰ এই সময়ছোৱাত মতা ধনেশটোক হত্যা কৰিলে মাইকী ধনেশজনী আৰু পোৱালিকেইটায়ো মৃত্যুক সাৱটিব লগা হয় ৷
লগতে পঢ়ক :ৰাজ্যৰ কৃষিত যান্ত্ৰিকীকৰণ কৰি স্বাৱলম্বিতা আন্দোলনৰ প্ৰয়োজন হৈছে : শিক্ষামন্ত্ৰী