অসম

assam

প্ৰতিভা সন্ধানী পৰীক্ষা

By

Published : Jun 25, 2023, 4:22 PM IST

ETV Bharat / videos

Special talent hunt test: ডুমডুমাত বিশেষ প্ৰতিভা সন্ধানী পৰীক্ষা

তিনিচুকীয়া, ২৫ জুন:তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । ডুমডুমা সমষ্টিটোৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আয়োজন কৰা হৈছে বিশেষ প্ৰতিভা সন্ধানী পৰীক্ষা । ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰাদেশীকৃত আৰু অপ্ৰাদেশীকিকৃত ২২খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে এই পৰীক্ষা । ১৭০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই বিশেষ প্ৰতিভা সন্ধানী পৰীক্ষাত । ডুমডুমা অঞ্চলৰ চাৰিখন বিদ্যালয়ত অনুষ্ঠিত হৈছে এই পৰীক্ষা ।

প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি বিধায়ক ৰাকীয়ে উল্লেখ কৰে । বিধায়ক গৰাকীয়ে শীৰ্ষ ২০ গৰাকী প্ৰতিভাৱান শিক্ষাৰ্থীক বিধায়কৰ তৰফৰ পৰা ভৱিষ্যৎ শৈক্ষিক জীৱনৰ সকলো সাম্ভাৱ্য সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰাদন কৰে । 

লগতে পঢ়ক:New Constituency in Dibrugarh : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ

ABOUT THE AUTHOR

...view details