Special workshop in assam:তিনিচুকীয়াত গ্ৰীস্মকালীন কৰ্মশালা আৰম্ভ - Special workshop in assam
তিনিচুকীয়া, ১৫ জুলাই:অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ অন্য জিলাৰ লগতে তিনিচুকীয়াতো আটাইকেইটা বিধানসভা সমষ্টিতে শনিবাৰৰ পৰা ১০ দিনীয়াকৈ গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা আৰম্ভ হৈছে ৷ তিনিচুকীয়া সমষ্টিত তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে ।
জিলাখনৰ প্ৰতিটো সমষ্টিত দুটাকৈ মুঠ দহটা এনে শিৱিৰৰ আৰম্ভ কৰা বুলি জিলা উপায়ুক্তগৰাকীয়ে সদৰী কৰিছে । এই শিৱিৰসমূহত ছাত্ৰ-ছাত্ৰীসকলক তৰ্ক, কবিতা, সত্ৰীয়া নৃত্য, লোক আৰু পৰম্পৰাগত নৃত্য ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰি গ্ৰীস্মবন্ধটো এক বিশেষ কৰি তুলিব বুলি তেওঁ কয় ৷ তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত নৃত্যাংগন কলাকেন্দ্ৰই বিহু নৃত্যৰ কৰ্মশালাত প্ৰশিক্ষণ দিব । লগতে মাকুমৰ যুগল কিশোৰ কিশান স্মৃতি ভৱনত সুৰীয়াদাই নাটকৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব ৷
TAGGED:
Special workshop in assam