অসম

assam

জাগীৰোডত আছাৰ বিশেষ অধিৱেশন

ETV Bharat / videos

AASA Conference: জাগীৰোডত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ অধিৱেশন - Conference of AASA at Jagiroad in Morigaon

By

Published : Apr 3, 2023, 2:26 PM IST

মৰিগাঁও, 3 এপ্ৰিল: মৰিগাঁও জিলাৰ জাগীৰোড নেলীৰ গোপাল কৃষ্ণ চাহ বাগিচাৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ অধিবেশন (AASA Conference in Jagiroad) ৷  

অনুস্থানটিৰ দ্বিতীয়টো দিনত পতাকা উত্তোলন , শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলক লৈ এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে জিলাৰ সভাপতি তথা সম্পাদক সকল উপস্থিত থাকে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) ৰ এই বিশেষ অধিবেশনৰ তৃতীয় দিনা অসম চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযুষ হাজৰীকা উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে (All Adivasi Students Association Of Assam) ৷ 

উল্লেখযোগ্য যে অধিৱেশনৰ সামৰণি অনুষ্ঠানত জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়া, চাহ জনগোষ্ঠীয় নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে (AASA Conference in Morigaon)৷

লগতে পঢ়ক: Guinness Book of World Records : বঢ়মপুৰত বিহুগীত জুৰিলে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু জিতু গোস্বামীয়ে 

ABOUT THE AUTHOR

...view details