অসম

assam

Scam in Sonowal Kasari Autonomous Council: ভয়ংকৰ কেলেংকাৰীয়ে কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ

By

Published : Jan 20, 2023, 8:11 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ৰাজ্য কঁপোৱা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকীয়া বিয়াগোম কেলেংকাৰীতকৈ(Scam worth 1000 crores in North Cachar Hill District) বৃহৎ কেলেংকাৰীয়ে কঁপাইছে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ(Scam in Sonowal Kasari Autonomous Council) । ১৯২০ কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ । পূৰ্বৰ মুখ্য কাৰ্য্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীৰ দিনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত সংঘটিত হৈছিল এটাৰ পাছত আন এটাকৈ কোটি কোটি টকাৰ ব্যাপক দুৰ্নীতি(Corruption by Dipuranjan Makrari CEM of SKAC) । 

ইফালে এই দিশত অব্যাহত আছে CIDৰ তদন্ত । কিন্তু দোষী প্ৰমাণিত হোৱা, তদন্তৰ আওঁতালৈ অহা দিপুৰঞ্জন মাক্ৰাৰী আজিও মুকলি আকাশৰ তলত । দীপুৰঞ্জন মাক্ৰাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি শুকুৰবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিৰ সমীপত সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Sonowal Kachari Students Union protest at Dibrugarh) । অতি শীঘ্ৰে এই দিশত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই । 

উল্লেখ্য যে বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ধনেৰে অবাধ সম্পত্তিৰ পাহাৰ গঢ়িছে পুৰ্বৰ মূখ্য কাৰ্য্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে । কোটি টকাৰ বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খাই পৰা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীক পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা অপসাৰিত কৰি তদন্ত অব্যাহত ৰখা কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ । 

ইয়াৰ পুৰ্বেও সংবাদমেলকে ধৰি বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা সোণোৱাল কছাৰী ছাত্ৰ সন্থাই প্ৰাক্তন মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে যদিও আজিও মুকলি আকাশৰ তলত দীপুৰঞ্জন মাক্ৰাৰী । আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত চৰকাৰে মাক্ৰাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যনীয় হ'ব ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details