অসম

assam

ৰঙালীক জনালে বিদায়

ETV Bharat / videos

Sonowal Kachari Bihu: ধেমাজিত সোণোৱাল কছাৰীসকলে বিদায় জনালে ৰঙালীক - হাইদাং হুঁচৰি

By

Published : Apr 22, 2023, 5:56 PM IST

ধেমাজি, 22 এপ্ৰিল : ধেমাজিত সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে বছৰটোলৈ বিদায় দিলে ৰঙালী বিহুটিক ৷ ঘৰে ঘৰে হাইদাং হুঁচৰি আৰু বোকা বিহু পৰিৱেশন কৰি সামৰণি মাৰিলে ৰঙালী বিহুৰ ৷ বিহু থাকে মানে বিহুকে বিনাবা বিহু গ’লে বিনাবা কাক ? সাত ব’হাগৰ দিনা ঘৰে ঘৰে হাইদাং হুঁচৰি আৰু বোকা বিহু মাৰি বছৰটোৰ বাবে বিহুক বিদায় দিলে সোণোৱাল-কছাৰী জনগোষ্ঠীৰ লোকসকলে ৷

গৰু বিহু দিনা গছৰ তলত দেৱতাক আৰাধানা কৰি আৰম্ভ কৰা ৰঙালী বিহুত ঘৰে ঘৰে হুঁচৰি মৰাৰ অন্তত সাত ব’হাগৰ দিনা বোকা বিহু আৰু হাইদাং হুচঁৰি পৰিৱেশন কৰি আঠ ব’হাগৰ দিনা ৰীতি-নীতিৰে বিহুৰ সামৰণি মাৰে (haidang husori)  ৷ হাইদাং হুঁচৰিত এডাল দীঘল বাঁহ তিনিটা বাঁহৰ খুঁটাৰ ওপৰত পাৰি লৈ হাতত টকা মাৰি কেইডালেৰে কোবাই কোবাই গীত নৃত্য পৰিৱেশন কৰা কৰা হয় (Haidang husori of Sonowal Kachari tribe) ৷ এই তিনিটা বাঁহৰ খুঁটাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি গণ্য কৰি সকলোৱে বগা পোচাক পৰিধান কৰি বাঁহীৰ সুৰ আৰু টকাৰ ছন্দে ছন্দে নৃত্য কৰে (Rangali bihu bidai by Sonowal Kachari) ৷ 

ধেমাজি গপাক গাঁৱত সোণোৱাল কছাৰী লোকসকলে গাঁওখনত ১৯৩৫ চনৰে পৰা উপৰিপুৰুষ সকলক সুঁৱৰি যথা নিয়মেৰে বিহুৰ আৰম্ভণি আৰু সামৰণি পৰ্ব পালন কৰি আহিছে (Sonowal Kachari community in Dhemaji) ৷ সেয়ে সাত/আঠ ব’হাগলৈকে গাঁওখনত পাৰভঙা উচাহ দেখিবলৈ পোৱা যায় ৷ 

তেওঁলোকে চাৰি প্ৰকাৰৰ গীত গাই, লগতে জনগোষ্ঠীটোৰ এক অনুপম লোক নৃত্য হাইদাং হুঁচৰি আৰু বোকাত বিহু নৃত্য কৰি ৰঙালী বিহুৰ সামৰণি মাৰে ৷ গাঁৱত এইদৰে সামৰণি মৰাৰ পিছত ব’হাগৰ আঠ, ন অথবা ১১ দিনত গছৰ তলত গৈ খ্ৰীং খ্ৰীং বাইথ’ দেৱতাৰ সন্মাৰ্থে নৈবদ্য আগবঢ়াই পৰম্পৰাগতভাৱে বিহুক আনুষ্ঠানিকভাৱে বিদায় দিয়ে ৷ লক্ষ্যনীয় যে, জনগোষ্ঠীটোৰ এই লোকনৃত্য পৰিৱেশনত অংশ নলয় মহিলাসকলে ৷

লগতে পঢ়ক :Eid Ul Fitr in Guwahati: মাছখোৱাত ঈদগাহ ময়দানত ৫ হাজাৰৰ একেলগে নামাজ আদায়

ABOUT THE AUTHOR

...view details