Audio song Mone Bisare released: মুছলপুৰ প্ৰেছ ক্লাৱত কণ্ঠশিল্পী অংকুৰজ্যোতিৰ “মনে বিচাৰে’’ শীৰ্ষক গীত মুকলি
বাক্সা, 3 আগষ্ট :“জনম জনম’’, “নল বিৰিণা’’, “ভায়োলিনা’’ ইত্যাদি জনপ্ৰিয় গীতেৰে সংগীতপ্ৰেমী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে বাক্সাৰ উদীয়মান অংকুৰজ্যোতিয়ে । শেহতীয়াকৈ "মনে বিচাৰে" অপেক্ষা কৰি আছিল অনুৰাগীয়ে । ইতিমধ্যে ইনষ্টাগ্ৰামত টিয়েচাৰ মুকলি কৰাৰ পিচতেই অনুৰাগীৰ ৰিলছে পাঁচশৰ ঘৰ চুইছেগৈ । অৱশেষত বহু প্ৰত্যাশাৰ অন্তত সোমবাৰে মুছলপুৰ প্ৰেছ ক্লাৱত শুভমুক্তি দিয়া হয় অংকুৰজ্যোতিৰ “মনে বিচাৰে’’ শীৰ্ষক গীতটো ।
উক্ত গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা মুছলপুৰ সংগীত বিদ্যালয়ৰ সমন্বয়ক অশ্বিনী কুমাৰ দাসে । গীতটো আনুষ্ঠানিকভাৱে মুকলিৰ পিচতে সমূহ অসমবাসী ৰাইজৰ মৰম বিচাৰে সহ কণ্ঠশিল্পী ৰিছা কাশ্যপে । তেওঁ অংকুৰজ্যোতিৰ সৈতে মনে বিচাৰে শীৰ্ষক গীতত কণ্ঠদান কৰি সুখী হোৱা বুলিও দোহাৰে ।
লগতে পঢ়ক :Audio song Monore kobita released : মুকলি হ’ল প্ৰান্তিক কৃষ্ণনৰ ’মনৰে কবিতা’