অসম

assam

সমাজকৰ্মী ফুলেশ্বৰ দত্ত

ETV Bharat / videos

Felicitation programme in Dhemaji: সমাজকৰ্মী ফুলেশ্বৰ দত্তক জন্মদিনত সম্বৰ্ধনা জ্ঞাপন - মাছখোৱা মহাবিদ্যালয়

By

Published : Aug 16, 2023, 2:07 PM IST

ধেমাজি, ১৬ আগষ্ট:ধেমাজি জিলাৰ মাছখোৱাৰ বিলতীয়াৰ বাসিন্দা সমাজকৰ্মী ফুলেশ্বৰ দত্তক মঙলবাৰে ৯২ বছৰীয়া জন্মদিনত ৰাইজে ওলগ জনায় । ১৯৩২ চনৰ ১৫ আগষ্টত ধেমাজি মাছখোৱাৰ বিলতীয়া গাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী সমাজকৰ্মীয়ে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদি প্ৰতিষ্ঠা কৰাত আগভাগ লৈ আহিছে ৷

বৃটিছৰ যুগত জন্মগ্ৰহণ কৰা ফুলেশ্বৰ দত্তই মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাছখোৱা মহাবিদ্যালয়, মাছখোৱা মিলন সংঘ, মাছখোৱা চিকিৎসালয়ৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিছে ৷ কালি তেওঁৰ ৯২ সংখ্যাক জন্ম দিনটো উলহ মালহে পালন কৰিলে মাছখোৱা বাসীয়ে ৷ তেওঁক ঘৰৰ পৰা গায়ন-বায়নেৰে আদৰি অনাৰ লগতে মাছখোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।    

উক্ত অনুষ্ঠানত মাছখোৱাৰ বিভিন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তি, শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায় ৷ এই অনুষ্ঠানটো মুকলি কৰে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ উপ পঞ্জীয়ক পৰমান্দ সোণোৱালে ৷ 

লগতে পঢ়ক:Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা 

ABOUT THE AUTHOR

...view details