অসম

assam

সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই এঘৰীয়া

ETV Bharat / videos

Social Harassment: সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই হ’ল এঘৰীয়া

By

Published : May 28, 2023, 1:23 PM IST

বৰপেটাৰোড, ২৮ মে': বৰপেটাৰোডত নাভুত-নাশ্ৰুত ঘটনা । গ্ৰাহকক সুলভ মূল্যত ঔষধ যোগান ধৰাৰ বাবেই ফাৰ্মাচীৰ স্বত্বাধিকাৰীক এঘৰীয়া কৰাৰ অভিযোগ । বৰপেটাৰোডৰ খুচুৰা বিক্ৰেতা "সোনাক্ষী মেডিকোছ" নামৰ ফাৰ্মাচীখনৰ গৰাকীয়ে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজক ঔষধৰ মূল্য মূল দামৰ পৰা ১৫ শতাংশৰ পৰা ২০ শতাংশলৈকৈ কমকৈ বিক্ৰী কৰে ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে (Social Harassment for selling medicines at affordable prices) ।  

বৰপেটাৰোডত থকা কোনো এখন পাইকাৰী ঔষধৰ ব্যবসায়ীয়ে এই ফাৰ্মাচীখনৰগৰাকীক ঔষধ যোগান ধৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে স্বয়ং ফাৰ্মাচীখনৰ গৰাকীয়ে (Family Expelled for medicines discount) । গ্ৰাহকৰ পৰা ঔষধৰ দাম কমকৈ লোৱাৰ বাবে ফাৰ্মাচীখনৰ গৰাকীক এঘৰীয়া কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী সূৰজ কুমাৰ ভৌমিকে (Social Harassment) ।  

বৰপেটাৰোডত থকা পাইকাৰী ঔষধৰ ব্যৱসায়ীয়ে ঔষধ যোগান নধৰাৰ ফলত গ্ৰাহকৰ কিছু ঔষধ সময়মতে যোগান ধৰিবলৈ সক্ষম হোৱা নাই বুলিও উল্লেখ কৰে স্বতাধিকাৰীগৰাকীয়ে ৷ ফলত গ্ৰাহকৰ পৰা দুই, তিনিদিন সময়লৈ গুৱাহাটীৰ পৰা ঔষধ আনিহে গ্ৰাহকক যোগান ধৰিবলগীয়া হৈছে ৷ 

লগতে পঢ়ক:Cotton University: কটন বিশ্ববিদ্যালয়ৰ ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত বঁটা প্ৰদান

For All Latest Updates

ABOUT THE AUTHOR

...view details