কেদাৰনাথত এতিয়া কেৱল তুষাৰপাত, যেন এখন শুভ্ৰ ছাদৰ ! - তুষাৰপাত
Published : Dec 13, 2023, 7:38 PM IST
উত্তৰাখণ্ড, 13 ডিচেম্বৰ :বিশ্ববিখ্যাত কেদাৰনাথত ধামত প্ৰচুৰ তুষাৰপাত পৰিলক্ষিত হৈছে ৷ ফলত কেদাৰনাথত অব্যাহত থকাৰ সকলোধৰণৰ নিৰ্মাণকাৰ্যত ব্যাঘাত জন্মিছে ৷ কেদাৰনাথত তুষাৰপাতৰ ফলত এক ফুটতকৈও অধিক উচ্চতা পৰ্যন্ত বৰফ জমা হোৱা দেখা গৈছে ৷
উল্লেখ্য যে হিমালয়ত সম্প্ৰতি বতৰ অতি প্ৰতিকূল ৷ শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত আৰম্ভ হৈছে তুষাৰপাত ৷ কাষৰীয়া অঞ্চলসমূহতো শীতৰ মাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
বতৰ বিজ্ঞান বিভাগে হিমালয়ত তুষাৰপাতৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান সঁচা বুলি প্ৰমাণিত হৈছে । কেদাৰনাথ ধামকে ধৰি সমগ্ৰ হিমালয়ত প্ৰচুৰ তুষাৰপাত দেখা গৈছে । হিমালয়ৰ পাদদেশত শীতৰ মাত্ৰা বৃদ্ধি পাইছে । কেদাৰনাথ ধাম আৰু তুংনাথ ধামত এক ফুটতকৈও অধিক বৰফ জমা হৈছে । মন কৰিবলগীয়া যে কেদাৰনাথ ধামত এতিয়াও ৫০০ তকৈও অধিক শ্ৰমিক আছে ।
লগতে পঢ়ক :তুষাৰপাতৰ বাবে স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম