অসম

assam

By

Published : Sep 12, 2022, 5:18 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

বিলাসীপাৰাত জব্দ অবৈধ কাঠ ফলা কল

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ(Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে(Timber smuggling in Assam) । কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বিলাসীপাৰাতো কাঠৰ চোৰাং (Smuggling wood seized in Bilashipara)ব্যৱসায়ীৰ দপদপনি অব্য়াহত আছে । বিলাসীপাৰাৰ বহু ভিতৰুৱা অঞ্চলত বন মাফিয়াই বন বিভাগৰ চকুত ধূলি দি দিনেই নিশাই চোৰাংভাৱে চলাই গৈছে শাল, চেগুন কাঠ আদি মূল্যৱান কাঠৰ ৰমৰমীয়া ব্যৱসায় । সোমবাৰে বিলাসীপাৰা এক ভিতৰুৱা অঞ্চলত এনে ব্য়ৱসায়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায় । শালকোচা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলা এই অভিযানত বিলাসীপাৰাৰ কাজাইকাটা কাঠালদি ২য় খণ্ডৰ পৰা দুটাকৈ অবৈধ কাঠ ফলা কলসহ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হয় । তদুপৰি বামুনপাৰা চতুৰ্থ খণ্ডৰ গৌৰাং নৈৰ বুকুৰ পৰা অবৈধ বালি খনন চলোৱা মেচিনসহ বাইপ জব্দ কৰে বন বিভাগে । পিছত জব্দকৃত সামগ্ৰীসহ কাঠখিনি ৰোকাখাতা খণ্ড বন বিষয়া কাৰ্যালয়লৈ অনা হয় ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details