Supari smuggling in Assam: বৰপেটাত সমবায় সমিতিৰ গুদামতে চুৰি চুপাৰি উদ্ধাৰ - বৰপেটাত সমবায় সমিতিৰ গুদামতে চুৰি চুপাৰি উদ্ধাৰ
বৰপেটা, ১৯ জুলাই:অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বৰপেটা । জিলাখনত বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত হৈ থকাৰ মাজতেই গোৱালপাৰৰ ৰংজুলিত চুৰি হোৱা চুপাৰি উদ্ধাৰ হৈছে বৰপেটাত । উল্লেখ্য যে, যোৱা ১০ জুলাইত ৰংজুলিৰ পৰা চুৰি হৈছিল ৩৫০ বেগ চুপাৰিসহ এখন ট্ৰাক । এই চুৰিকাণ্ড সন্দৰ্ভত স্বত্বাধিকাৰী দিলীপ কুমাৰ পাটোৱাৰীয়ে ৰংজুলি থানাত দাখিল কৰিছিল এজাহাৰ ।
উক্ত এজাহাৰৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে অনুসন্ধান চলাই বকোৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এই চুৰি কাৰ্যত জড়িত জমীৰ আলীক। জমীৰ আলীৰ পৰা উদ্ধাৰ কৰা হৈছিল চুৰি ট্ৰাকখন । মঙলবাৰে জমীৰ আলীক লগত লৈ গোৱালপাৰা আৰক্ষীৰ এটা দল বৰপেটাত উপস্থিত হৈ বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই উদ্ধাৰ কৰে ২০০ বেগ চুপাৰি ।
বৰপেটাৰ তেতেলীৰতলৰ এটা নৱনিৰ্মিত গুদাম ঘৰত মজুত কৰি থোৱা আছিল এই চুপাৰিখিনি । লক্ষণীয়ভাৱে চুৰি চুপাৰিখিনি মজুত কৰি ৰখা গুদাম ঘৰটোতো আছে আন এক ৰহস্য। গুদাম ঘৰটো জনৈক নিজাম খান নামৰ এগৰাকী স্থানীয় লোকৰ মাটিত নিৰ্মিত যদিও গুদাম ঘৰটো নিৰ্মাণ কৰা হৈছে তেতেলীৰতল মহিলা সমবায় সমিতিৰ বাবে । এনেদৰে সমবায় সমিতিৰ নামত নিৰ্মিত গুদাম ঘৰত চুৰি সামগ্ৰী মজুত কৰি ৰাখিবলৈ কোনে অনুমতি দিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।
লগতে পঢ়ক:UPA as INDIA : ক্ষমতা অৰ্জনৰ বাবে দেশৰ নামক আহিলা হিচাপে ব্যৱহাৰ; বিজেপি