অসম

assam

কান্ধবাৰীত জব্দ ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চোৰাং চাউল

ETV Bharat / videos

PDS rice seized in Nalbari: মুকালমুৱাত জব্দ সুলভ মূল্যৰ চোৰাং চাউল - Smuggling of PDS rice in Nalbari

By

Published : Mar 8, 2023, 2:09 PM IST

নলবাৰী, ৮ মাৰ্চ:নলবাৰী জিলাত অব্যাহত বগা চাউলৰ কলা বেহা (Smuggling of PDS rice in Nalbari)। ইয়াৰ মাজতেই মঙলবাৰে নিশা জিলাখনৰ মুকালমুৱাৰ কান্ধবাৰীত আৰক্ষীয়ে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ চোৰাং চাউল (Smuggling PDS rice seized at Mukalmuwa)। কান্ধবাৰীৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই চাউলখিনি । প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা কান্ধবাৰীৰ সুলভ মূল্যৰ এজেন্ট মুনজেল হুছেইনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলখিনি চোৰাংকৈ বিক্ৰী কৰিছিল ।

এখন ই-ৰিক্সাত নি থকা অৱস্থাত স্থানীয় ৰাইজে চাউলখিনি জব্দ কৰি মুকালমুৱা থানাৰ আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিছতেই ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ জাহিদ আলী নামৰ লোকজনৰ ঘৰত অভিযান চলাই ৫১ বস্তা চাউল জব্দ কৰাৰ লগতে যোগান বিভাগৰ চাউলৰ বহুকেইটা খালী বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইপিনে, চোৰাংকৈ চাউলৰ ব্যৱসায়ত জড়িত জাহিদ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও সুলভ মূল্যৰ এজেন্ট মুনজেল হুছেইন বৰ্তমান পলাতক অৱস্থাত আছে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৮৯/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি মুনজেল হুছেইনৰ সন্ধান অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে, মধ্যম বৰক্ষেত্ৰী সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ এজেন্ট মুনজেল হুছেইনে পূৰ্বৰে পৰা এনেদৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কলা বজাৰত বিক্ৰী কৰি আহিছিল । দৰিদ্ৰ লোকৰ বাবে আবন্টিত চাউলসমূহ চোৰাংকৈ বিক্ৰী কৰা সূলভ মূল্যৰ এজেন্ট মুনজেল হুছেইনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:Assam jamugurihat beauty: বনৰীয়া ফুলৰ গোলাপী দলিচাত মন্ত্ৰমুগ্ধ সকলো

ABOUT THE AUTHOR

...view details