Burmese Supari seized : কাছাৰত কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ
কৰিমগঞ্জ, 24 এপ্ৰিল :কাছাৰ জিলাৰ শিলচৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে কোটি টকাৰ বাৰ্মিজ চুপাৰী ৷দেওবাৰৰ নিশা কাছাৰ জিলাৰ শিলচৰত আৰক্ষীয়ে গোপন অভিযানৰ ভিত্তিত চলায় অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 4 কোটি মূল্যৰ বাৰ্মিজ চুপাৰী (Barmese supari seized in Cachar) ৷
আৰক্ষীয়ে চলোৱা এই অভিযানত বাৰ্মিজ চুপাৰী ভৰ্তি 8 খন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে বাৰ্মিজ চুপাৰী সৰবৰাহ কৰাৰ অভিযোগত আটক কৰে 10 জন লোকক ৷ জব্দকৃত 8 খন ট্ৰাকৰ পৰা প্ৰায় 1 লাখ 53 হাজাৰ 380 কিলো বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় কোটি টকীয়া মূল্যৰ বাৰ্মিজ চুপাৰীখিনি (Burmese supari smuggler arrested) ৷
ইফালে আৰক্ষীৰ জিম্মাত থকা লোককেইজন হ’ল নাজমুল হুছেইন, দিলীপ সিং, শ্বেন আলম, দীনেশ, তাহজীব আলম, দীপক কুমাৰ, মহম্মদ কেফে, জেন আলম, জহীৰ আহমেদ লস্কৰ, ৱাছিম ।
লগতে পঢ়ক :Congress MLA press meet : কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিব অভূতপূৰ্ব সফলতা : বিধায়ক কমলাক্ষ