অসম

assam

বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

By

Published : Jun 19, 2023, 10:46 AM IST

ETV Bharat / videos

Barmese supari seized : বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

কাছাৰ, 19 জুন : কাছাৰ জিলাৰ উধাৰবন্দৰ চলিতকন্দিৰ পৰা উধাৰবন্দ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক । শনিবাৰে নিশা ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক গৌতম কুমাৰে উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত চলিতকান্দি অঞ্চলৰ আব্দুল নুৰ লস্কৰৰ পুত্ৰ আছাব উদ্দিন লস্কৰৰ ঘৰত অভিযান চলায় আৰু এখন দহচকীয়া বাহনৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰি উধাৰবন্দ আৰক্ষী থানালৈ লৈ আহে ।

আৰক্ষীৰ আগমনৰ খবৰ পাই ঘৰৰ মালিক আছাব উদ্দিন লস্কৰে পলায়ন কৰে যদিও উধাৰবন্দ আৰক্ষীয়ে গাড়ীৰ চালক ইয়াচিন মিয়া আৰু কমল আলীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে । এখন নুডলছ ভৰ্তি ট্ৰাকৰ ভিতৰত বাৰ্মিজ চুপাৰীখিনি কৌশলেৰে লৈ অনা হৈছিল বুলি জানিবলৈ পৰা গৈছে । পিছত উধাৰবন্দ আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই 74 বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে ।

লগতে পঢ়ক :Illegal liquor seized : চিমেন চাপৰিত আবকাৰী বিভাগৰ অভিযানত জব্দ সুৰা, 3 জন আটক

ABOUT THE AUTHOR

...view details