আঠ লক্ষাধিক টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Smuggler arrested at Rangia
ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ অভিযান চলোৱাৰ পিছতো একাংশ অপৰাধী এতিয়াও ক্ষান্ত হোৱা নাই (Heroine seized at Rangia) ৷ ৰঙিয়াত বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে আঠ লক্ষাধিক টকা মূল্যৰ হেৰ'ইন সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সন্মুখত পূৰ্বৰ পৰা খাপ পিটি থাকে আৰক্ষীৰ দলটোৱে ৷ ধৃত সৰবৰাহকাৰীজন হৈছে ছয়গাঁৱৰ হাতীপাৰাৰ চোহৰাব আলী (২৫) (Smuggler arrested at Rangia)। সৰবৰাহকাৰী চোহৰাব আলীয়ে AS 01 EM 1554 নম্বৰৰ ৱাগেনাৰ বাহনখনত খন্দিকৰৰ দিশৰ পৰা ৰঙিয়া অভিমুখে আহি থকা সময়ত আৰক্ষীৰ হাতত ধৰা পৰে । অভিযানৰ সময়ত অৰক্ষীৰ দলটোৱে বাহনখনৰ লগতে ১০.৮১ গ্ৰাম হেৰ'ইন , চাবোনৰ বাকচ এটা , এখন চোকা খুকুৰি (অস্ত্ৰ) আৰু মোবাইল এটা জব্দ কৰিবলৈ সক্ষম হয় (Heroin worth over Rs 8 lakh )। দীৰ্ঘদিন ধৰি হেৰ'ইন সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে চোহৰাবৰ বিৰুদ্ধে । বৰ্তমান আৰক্ষীয়ে ৰঙিয়া থানাত হেৰ'ইন সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST