অসম

assam

কলোবাৰী -ওদালগুৰী গাঁৱত চোৰাং কাঠ জব্দ

ETV Bharat / videos

Smuggling timber seized in Chirang: ৰিপু সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ জব্দ - Smuggled timber seized at Runikhata

By

Published : Feb 2, 2023, 2:52 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

চিৰাং, ২ ফেব্ৰুৱাৰী:চিৰাং জিলাৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগে উচ্ছেদ চলোৱাৰ পিছত বুধবাৰে নিশা বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় (Smuggled timber seized at Ripu Chirang Forest)। বনাঞ্চল ধ্বংসৰে বসবাস কৰিবলৈ লোৱা লোকৰ জীৱিকাৰ মুল উৎস হৈছে চোৰাং কাঠৰ ব্যৱসায় । চিৰাঙত বনবিভাগৰ দ্বাৰা উচ্ছেদিত গাঁৱত বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ অব্যাহত আছে । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা ৰেঞ্জৰ ৰিপু সংৰক্ষিত বনাঞ্চলত নিশা বন বিভাগে চোৰাং কাঠ কঢ়িওৱা ৭খন গৰু গাড়ী আৰু ১৩ টা গৰু জব্দ । ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা গৰুগাড়ীৰে চোৰাং কাঠ কঢ়িয়াই অনাৰ সময়তেই বনবিভাগৰ লোকে কলোবাৰী আৰু ওদালগুৰি গাঁৱত অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰে । বন বিভাগৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ কঢ়িয়াই অনা লোকসকলে পলায়ন কৰে ।  

উল্লেখ্য যে যোৱা ৩০ জানুৱাৰীত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলত গছ-গছনি কাটি তহিলং কৰি অবৈধ ভাৱে স্থাপন কৰা কলোবাৰী আৰু ওদালগুৰি গাঁৱত বিটিচি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল । লক্ষ্যনীয় বিষয় যে এই গাঁও দুখনতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা হৈছে । বন বিভাগে নিশা জব্দ কৰা চোৰাং কাঠ আৰু গৰুকেইটাৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা হ'ব । ইপিনে, চিৰাং ডিএফঅ ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে বন বিভাগৰ উচ্ছেদক লৈ বিভিন্নজনে ৰাজনীতি কৰা পৰিলক্ষিত হৈছে । একাংশ দালালে এইসকল লোকক বনাঞ্চল ধ্বংসৰ বাবে উচতনি দিয়াৰো অভিযোগ কৰে বিষয়াগৰাকীয়ে । 

ইপিনে, যোৱা পহিলা জানুৱাৰীতো চিৰাঙৰ ৰুনিখাতা বন বিভাগে চোৰাংভাৱে কাঠ কঢ়িয়াই নিয়া এখন ট্ৰাক জব্দ কৰে (Smuggled timber seized at Runikhata) ৷  টুক্ৰাঝাৰৰ পৰা পাট্টালেণ্ডৰ কাঠ বুলি উল্লেখ কৰি বহিঃৰাজ্যলৈ কঢ়িয়াই নিয়াৰ বিষয়ে জানিব পাৰি বন বিভাগে তালাচী চলাই এই কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় (Smuggling of timber to other states)৷  

লগতে পঢ়ক:Excavation on govt lands: তিনিচুকীয়া বন বিভাগৰ ছত্ৰছায়াত চৰকাৰী ভূমিত ভূ মাফিয়াৰ অবাধ খনন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details