Illegal Timber seized at Kaliabor:কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ - Smuggled timber seized in Kaliabor
কলিয়াবৰ, ১১ মাৰ্চ:নগাঁও জিলাৰ কলিয়াবৰত চোৰাং কাঠ মাফিয়াৰ দৌৰাত্ম অব্যাহত (Timber smuggling in Kaliabor)। ইয়াৰ মাজতে কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ । বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ম'বাইল ফোন কাঢ়ি পলায়ন কৰে চোৰাং কাঠ মাফিয়াই । এ এছ ০২ বি চি ৫৬১৫ নম্বৰৰ পিকআপ বাহনত চোৰাং কাঠৰ বৃহৎ পৰিমাণৰ ফাণ্টা জব্দ কৰে বন বিভাগে (Smuggled timber seized in Kaliabor)। বন বিভাগৰ অভিযানৰ মাজতেই দিনদুপৰতে ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং কাঠ সৰবৰাহ হৈ আছে ।
উল্লেখ্য় যে কাৰ্বি পাহাৰৰ পৰা মূল্যবান কাঠ চোৰাংভাৱে এখন বাহনত সৰবৰাহ কৰিছিল কাঠ মাফিয়াই । ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে সৰুভগীয়াত পূৱথৰীয়া অভিমুখে গৈ থকা অৱস্থাতে চোৰাং কাঠ কঢ়িওৱা বাহনখনৰ চকা ফুটে । স্থানীয়লোকৰ সন্দেহ হোৱাত বাহনখনৰ ওচৰ চাপি যোৱাত মূল্যবান কাঠৰ ফান্টা ত্ৰিপাল দি ঢাকি থোৱা প্ৰত্যক্ষ কৰে । স্থানীয় ৰাইজে কাঠখিনি চোৰাংকৈ অনা বুলি জানিব পাৰি শিলঘাট খণ্ড বন বিষয়াক খবৰ দিয়ে ।
সেই সময়তে ঘটনাস্থলীত এগৰাকী সাংবাদিক উপস্থিত হৈ বাহনখনৰ ফটো ল'ব বিচাৰোতেই বাহনখনৰ লগত থকা কাঠৰ চোৰাং বেপাৰী জনৈক বৰলাই সাংবাদিকগৰাকীৰ মোবাইলটো কাঢ়ি সেই স্থানৰ পৰা পলায়ন কৰে । বন বিভাগৰ শিলঘাট খণ্ড বন বিষয়াসহ এটা দল উপস্থিত হৈ বাহনখন কাঠসহ উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ যায় (Shilghat Block Forest Officer)। নিধিৰাম চৰ্দাৰ বন বিভাগৰ নাকৰ তলেদিয়ে দীৰ্ঘদিন ধৰি এইদৰে কাৰ্বি পাহাৰৰ পৰা মূল্যবান কাঠ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে অসাধু কাঠ মাফিয়াই ।
লগতে পঢ়ক:Tiger menace at Kaliabor: ঢেকীয়াপতীয়াৰ বিচৰণে টোপনি হৰিছে কলিয়াবৰবাসীৰ