HS exam Results 2023 : বাণিজ্য শাখাৰ সপ্তম স্থানত উজলিল তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ - HS exam Results 2023
তিনিচুকীয়া, ৬ জুন : আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (HS exam results 2023) ৷ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যজুৰি আনন্দ উল্লাহে বিৰাজ কৰিছে । প্ৰতিটো শাখাতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ শিক্ষাৰ্থীসকলৰ বাসগৃহত একপ্ৰকাৰ আনন্দ বন্যা নিগৰিছে । বাণিজ্য শাখাত প্ৰথম দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ স্মৃতি ঠাকুৰে ।
তিনিচুকীয়া ৱিমেনজ কলেজৰ বাণিজ্য শাখাৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সপ্তম স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে স্মৃতি ঠাকুৰে (Smriti Thakur secured 7th positions in commerce)৷ মাকুম পথৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰ ৷ ফলাফল লাভ কৰাৰ পাচতে আনন্দিত হৈ পৰে স্মৃতি ঠাকুৰৰ লগতে পৰিয়ালবৰ্গ । চিএ (CA) হোৱাৰ আশা মনত পুঁহি ৰাখিছে স্মৃতিয়ে । ইফালে তেওঁৰ এই সফলতাৰ বাবে পৰিয়াল আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা উল্লেখ কৰে স্মৃতিয়ে ৷
লগতে পঢ়ক :HS result commerce: বাণিজ্য শাখাত শীৰ্ষ 10 স্থানত 14 গৰাকী পৰীক্ষাৰ্থী