Protest in Tinsukia: ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া - Protest against Tea Board in Tinsukia
Published : Sep 20, 2023, 10:04 PM IST
তিনিচুকীয়া,২০ ছেপ্টেম্বৰ: আজি ৬ দফীয়া দাবী উত্থাপন কৰি তিনিচুকীয়াৰ টী-ব'ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত টী-বৰ্ডৰ বিৰুদ্ধে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অহা চাহপাতৰ বাবেই তিনিচুকীয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰে ৷
সমান্তৰালভাৱে বটলিফ ফেক্টৰীৰ কৰ্তৃপক্ষয়ো ক্ষুদ্ৰ চাহ খেতিয়কসকলক লুণ্ঠন চলাই আহিছে বুলি সৰৱ হৈ পৰে ৷ উৎপাদন খৰচৰ মূল্যৰ ওপৰত ন্যূনতম সমৰ্থন মূল্য বাধ্যতামূলক আইন প্ৰস্তুত কৰা, ক্ষুদ্ৰ চাহ খেতিয়ক কৃষি বিভাগত অন্তৰ্ভুক্ত কৰা ইত্যাদি ৬ দফীয়া দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে এখনি স্মাৰক পত্ৰ টী-ব'ৰ্ডৰ অধ্যক্ষৰ জৰিয়তে দেশৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Protest in Jorhat: পুনৰ জ্বলিল উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি
TAGGED:
Protest in Tinsukia