অসম

assam

আটছা সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন সম্পৰ্কত বৈঠক

By

Published : Aug 20, 2023, 5:10 PM IST

ETV Bharat / videos

ATTSA: আটছা সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন সম্পৰ্কত বৈঠক

সৰুপথাৰ, ২০ আগষ্ট: দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা সৰুপথাৰ শাখাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন আৰু কৰম উৎসৱ উদযাপন সম্পৰ্কত সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভা অনুষ্ঠিত হয় সৰুপথাৰৰ সাহিত্য সভা ভৱনত । তালিগ্ৰাম তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে সৰুপথাৰ অঞ্চলৰ বহুতো দল-সংগঠনৰ লগতে আটছাৰ বিষয়ববীয়াসকল আৰু প্ৰাক্তন নেতাসকল  ৷

সভাত কেইবাখনো উপ সমিতি গঠনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । অহা ২৯, ৩০ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰৰ নলনী খেলপথাৰত ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন আৰু কৰম পূজাৰ দুদিনীয়া কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ তেওঁলোকে ধনশিৰিবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক:Fire breaks out at electricity pole: মূল পথৰ কাষতে বিদ্যুতৰ খুঁটাত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details