অসম

assam

এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : Jul 22, 2023, 9:08 PM IST

ETV Bharat / videos

Zubeen Garg Painting: ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙিয়া, 2 জুলাই :ৰঙিয়াত ‘অযান্ত্ৰিক’ নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ । ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ সু-বিশাল প্ৰতিচ্ছবি অংকন । ২৪ ফুট উচ্চতা আৰু ৩৫ ফুট বহল আকাৰৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনে আকৰ্ষিত কৰিছে ৰাইজক ।

প্ৰতিভা সম্পন্ন ছয় গৰাকী যুৱ চিত্ৰশিল্পীয়ে ৪ দিনৰ ভিতৰত অশেষ কষ্টৰে উৰণীয়া সেতুৰ দেৱালত অসমৰ ভিতৰতে সৰ্ববৃহৎ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি তুলিছে । অযান্ত্ৰিক নামৰ এই গোটটোৰ ছয় যুৱ শিল্পী হৈছে কপিল, প্ৰাঞ্জিত, বেদান্ত, পৰাগ, ৰফিউল আৰু নজৰুল । ইয়াৰ পূৰ্বেও এই দলটোৱে ৰঙিয়াৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ২৪ ফুট উচ্চতা আৰু ৩২ ফুট বহল আকাৰৰ কলাগুৰুৰ প্ৰতিচ্ছবি অংকন কৰাৰ লগতে অসমৰ স্বনামধন্য শিল্পীৰ প্ৰতিচ্ছবি অংকনৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছে ।

শেহতীয়াকৈ অযান্ত্ৰিক দলটোৱে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ বিৰল সন্মান যাঁচিছে । অসমীয়া জাতীয় জীৱনৰ সত্বা পৰিস্ফুত কৰি সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰৰ বিৰল প্ৰতিভাৱানসকলক জীয়াই ৰখাৰ প্ৰয়াস দলটোৰ । অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক যুগমীয়া কৰি ৰখাৰ ব্যাতিক্ৰমী পদক্ষেপ হিচাপে দলটোৱে নিজা খৰচত অংকন কৰে সুবৃহৎ প্ৰতিচ্ছবি । দলটো এই মহৎ প্ৰয়াসেৰে স্বাভাৱিকতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৰঙিয়াবাসীৰ ।

লগতে পঢ়ক :Kalaguru Bishnu Prasad Rabha: ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details