Child marriage:শোণিতপুৰত বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ ৬ জন - Operation against Child Marriage
Published : Oct 3, 2023, 4:52 PM IST
তেজপুৰ, ৩ অক্টোবৰ :বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ মাৰ বান্ধি থিয় হোৱাৰ পিচতো গা-লৰা নাই একাংশৰ ৷ বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা, কিন্তু মানুহে যেন শিক্ষা লোৱা নাই এইবোৰৰ পৰা ৷ লুকাই-চুৰকৈ এতিয়াও অব্যাহত ৰাখিছে বাল্য-বিবাহ প্ৰথা ৷
শেহতীয়াকৈ শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি থানাৰ এলেকাৰ পৰা মঙলবাৰৰ পুৱতি নিশা অভিযান চলাই ছজন লোকক গ্ৰেপ্তাৰ কৰে ৷ নাবালিকাক বিয়া কৰাই অনা ৫ জন যুৱক আৰু ১ জন শহুৰেকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে পুৱতি নিশা শোৱাপাটীৰ পৰাই উঠাই আনে লোককেইজনক আৰক্ষীয়ে ।
তেজপুৰ সদৰ থানাৰ এলেকাৰ পৰা ৪ জন আৰু ঢেকিয়াজুলিৰ পৰা ২ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন হ’ল বেবেজীয়াৰ সুৰজ পাটৰ, বিহগুৰিৰ ছাহাদাত ছাহ, বৰঘাতৰ আলম হুছেইন আৰু আছকৰ আলি । আনহাতে ঢেকীয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰা দুজন হ’ল চাহিদুল ইছলাম আৰু ৰমজান আলী ।
লগতে পঢ়ক :Operation against Child Marriage: বাল্য বিবাহ বিৰোধী অভিযান, দেৰগাঁৱত 3 আৰু গোলাঘাটত এজনক আটক