অসম

assam

ছ্যু কা ফা দিৱস পালন

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:30 PM IST

ETV Bharat / videos

ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি সৰুপথাৰত উদযাপন অসম দিৱস

সৰুপথাৰ, ২ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ছ্যু-কা-ফা দিৱস ৷ ধনশিৰি মহকুমাৰ আহোম জনগোষ্ঠীয় ৰাইজৰ উদ্যোগত আৰু সমূহ ধনশিৰিবাসীৰ সহযোগত বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যু-কা-ফাক স্মৰণ কৰি দুদিনীয়াকৈ অসম দিৱস উদযাপন কৰা হৈছে ৷

এই ছ্যু-কা-ফা দিৱসৰ দ্বিতীয় দিনা সৰুপথাৰত নৱনিৰ্মিত ছ্যু-কা-ফা শিশু উদ্যানৰ লগতে ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে । ইয়াৰ পিচতে মৈদাম তৰ্পণ কৰা হয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বিয়লি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক তথা ND 24 ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই ৷ লগতে আৰু বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । নিশালৈ অসমৰ বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক :যোৰহাটত ছ্যু-কা-ফা দিৱস পালন

ABOUT THE AUTHOR

...view details