মাজুলী মিউজিক ফেষ্টিভেলত কৈলাশ খেৰৰ কণ্ঠই মোহাচ্ছন্ন কৰিলে হাজাৰ হাজাৰ দৰ্শকক - কৈলাশ খেৰৰ কন্ঠই মোহাচ্ছন্ন কৰিলে দৰ্শকক
Published : Nov 25, 2023, 10:12 AM IST
মাজুলী, ২৫ নৱেম্বৰ: ৰাসৰ পূৰ্ণ প্ৰস্তুতিৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ ৷ ৰাসৰ পূৰ্ণ প্ৰস্তুতিৰ মাজতে আৰম্ভ হৈছে মিউজিক ফেষ্টিভেল ৷ মাজুলীৰ খেৰকটীয়া নদীৰ পাৰত অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ৷ মাজুলী-লখিমপুৰ সীমান্তৱৰ্তী খেৰকটীয়া নৈ পাৰত কালিৰে পৰা তিনিদিনীয়াকৈ চতুৰ্থ বাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী মিউজিক ফেষ্টিভেল ২০২৩ ।
মাজুলী লক্ষীমপুৰ সীমান্তবৰ্তী খেৰকটীয়া নৈৰ সমীপৰ আমবাৰী পথাৰত অনুষ্ঠিত হৈছে এই বৰ্ষৰ মাজুলী মিউজিক ফেষ্টিভেল । শুক্ৰবাৰে মাজুলী মিউজিক ফেষ্টিভেলৰ প্ৰথম দিনা জনপ্ৰিয় গায়ক কৈলাশ খেৰে গীত পৰিৱেশন কৰি এক মায়াময় পৰিবেশৰ সৃষ্টি কৰিলে । কৈলাশ খেৰে ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে মোহাচ্ছন্ন কৰিলে হাজাৰ হাজাৰ দৰ্শকক । নিশা ১০ বজাৰ পৰা ১২ বজালৈকে শিল্পীগৰাকীৰ গীতে মোহাচ্ছন্ন কৰিলে মাজুলীৰ লগতে অসমৰ হাজাৰ হাজাৰ দৰ্শকক । নিশা দুপৰলৈকে হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে মাজুলী মিউজিক ফেষ্টিভেলৰ ২০২৩ৰ প্ৰথম নিশাৰ অনুষ্ঠান ।
লগতে পঢ়ক:Raas and Majuli Music festival:মাজুলীৰ বতাহত ৰাস বন্দনাৰ লগতে মিউজিক ফেষ্টিভেলৰ ধ্বনি