Cultural function in Guwahati: সাংস্কৃতিক মঞ্চ অসমৰ ৰূপালী জয়ন্তীত বৰ্হমথুৰি শিল্পী বঁটা প্ৰদান
গুৱাহাটী ১৪ মে':মহানগৰীৰ পাঞ্জাবাৰীস্থিত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় সংস্কৃতিক মঞ্চ অসমৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা কাৰ্যসূচী (Cultural function in Madhavdev Auditorium)। সংস্কৃতিক মঞ্চ অসমৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিয়লি ভাগত বিভিন্ন সংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত কৰা হয় ২০২৩ বৰ্ষৰ বৰ্হমথুৰি শিল্পী বঁটা প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে ।
অনুষ্ঠানটোৰ আৰম্ভণিতে কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক আঁকোৱালি লোৱা সাংবাদিক মুস্তাক আলমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । এই অনুষ্ঠানটোত সংগীত নাটক একাডেমী বঁটা বিজয়ী বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, শিল্পী লোকেন্দ্ৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় (Actor Pranjal Saikia felicitated in Guwahati)।
অনুষ্ঠানটোত ২০২৩ বৰ্ষৰ বাবে ঢোলৰ ওজা বাপ ৰাজখোৱাক বৰ্হমথুৰী বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে ফুলাম গামোচা, চেলেং চাদৰ, শৰাই,মানপত্ৰ, নগদ ২৫ হাজাৰ টকা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত অভিনেত্ৰী চেতনা দাস, সংস্কৃতিক মঞ্চ অসমৰ সম্পাদক দ্বীপজ্যোতি হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:Assam are deprived of C TET: চি-টেটৰ ক্ষেত্রত পূৰ্বোত্তৰৰ ৰাজ্যসমূহক বঞ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰে