অসম

assam

২৫ বছৰীয়া হ’ল পোৰাবঙলাস্থিত ছেইণ্ট মেৰিজ হাইস্কুল

ETV Bharat / videos

২৫ বৰ্ষ গৰকিলে পোৰাবঙলাস্থিত ছেইণ্ট মেৰিজ হাইস্কুলে

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 7:25 PM IST

গোলাঘাট, ২৮ ডিচেম্বৰ :২৫ বছৰীয়া হ’ল পোৰাবঙলাস্থিত ছেইণ্ট মেৰিজ হাইস্কুল ৷ ছেইণ্ট মেৰিজ হাইস্কুলৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদযাপন কৰা হৈছে দুদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত অংগ্ৰহণ কৰে শতাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে ।

১৯৯৮ চনতে প্ৰতিষ্ঠা লাভ কৰা ছেইণ্ট মেৰিজ হাইস্কুলৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে উলিওৱা শোভাযাত্ৰাত ভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা যায় ৷ বিদ্যালয়খনৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবেই যেন সংস্কৃতিৰ ভঁৰাললৈ পৰ্যবসিত হয় গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷

দুদিনীয়াকৈ আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ৰূপালী জয়ন্তীৰ স্মাৰক উন্মোচন কৰা হয় ৷ ৰূপালী জয়ন্তী বৰ্ষ গৰকা বিদ্যালয়খনৰ পৰা ইতিমধ্যে শিক্ষাগ্ৰহণ কৰি ওলাই যোৱা বহু ছাত্ৰ-ছাত্ৰী বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান নিয়োজিত হৈ আছে ৷ যাক লৈ গৌৰৱান্বিত বিদ্যালয়ৰ শিক্ষক সমাজ ।

লগতে পঢ়ক :শান্তিচুক্তি: সাক্ষী হ’ব 14 জনগোষ্ঠীয় সংগঠন

ABOUT THE AUTHOR

...view details