Silsako eviction Drive: পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবীৰে চচলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ - Eviction drive in Silsako
গুৱাহাটী, 31 মাৰ্চ: শিলসাঁকোৰ উচ্ছেদিত গৃহহীন লোকে শুকুৰবাৰে চচলৰ ধৰ্ণাস্থলীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ দিনৰ 11 বজাৰ পৰা প্ৰায় তিনি ঘণ্টা ধৰি প্ৰতিবাদত বহে উচ্ছেদিত ৰাইজ ৷ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী প্ৰতিবাদী উচ্ছেদিতৰ (Silsako eviction Drive) ৷
শিলসাঁকো বিলৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকক চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ চলোৱা বুলি অভিযোগ প্ৰতিবাদকাৰীৰ ৷ সংবাদমাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে কয়, ‘‘প্ৰাকৃতিকভাৱে শিলসাঁকো কোনো প্ৰাকৃতিক জলাশয় নাছিল ৷ 2008 চনত চৰকাৰে জলাহ ভূমি আইন প্ৰণয়ন কৰিহে এই ভূমি জলাশয়লৈ ৰূপান্তৰ কৰিছিল (Eviction drive in Silsako) ৷’’
বিগত 15-20 বছৰ ধৰি শিলসাঁকো বিলৰ ভূমিত বসবাস কৰি অহা থলুৱা লোকসকলক এনেদৰে উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ নাই বুলিও ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে ৷