অসম

assam

বুলড’জাৰ চলিল শিলসাঁকোত

ETV Bharat / videos

Eviction at Silsako : ‘‘হয় গুলীয়াই মাৰক, নহ'লে নিজেই পেট্ৰ’ল ঢালি মৰিম’’; প্ৰতিবাদকাৰীৰ ভাবুকি - শিলসাঁকোত চৰকাৰে চলাব উচ্ছেদ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:12 PM IST

গুৱাহাটী, 1 ছেপ্তেম্বৰ :‘‘হয় মোক গুলীয়াই মাৰক, নহ’লে আপোনালেকে ঘৰ ভঙাৰ আগতে মই নিজে পেট্ৰ’ল ঢালি মৰি যাম ৷ আপোনালোকে এতিয়াই ফোনা-ফোনি কৰি লওক ৷ AC ৰুমত বহি থাকিলে একো নহ’ব ৷ বাহিৰলৈ ওলাই আহক ৷ AC ৰুমত বহি থাকি এটা কথা ক’ব, AC ৰুমৰ বাহিৰত এটা কথা ক’ব ৷ নদীৰ মাজৰ পৰা 130 বিঘা ক’ত হয় জোখ-মাখ কৰক ৷’’ - এয়া এগৰাকী উচ্ছেদিত শিলসাঁকোৰ বাসিন্দাৰ ভাষ্য ৷

বহু আবেদন-নিবেদন অথবা প্ৰতিবাদৰ পাচতো নিজৰ স্থিতি অটল আছে অসম চৰকাৰ ৷ শিলসাঁকোত চৰকাৰে চলাব উচ্ছেদ, বেদখলকৃত কৰা হ’ব শিলসাঁকো বিলক ৷ যাৰ বাবে বিভিন্ন সময়ত অসম চৰকাৰৰ প্ৰশাসন কিম্বা আৰক্ষীয়ে চলাই আহিছে উচ্ছেদ অভিযান ৷ শুকুৰবাৰে পুৱাও বুলড’জাৰ লৈ পুনৰ শিলসাঁকোত উচ্ছেদ চলাবলৈ আহিল প্ৰশাসন লোক ৷

কিন্তু বছৰ বছৰ ধৰি বাস কৰি অহা নিজৰ আপোন ঘৰখন ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰায় উলংগ হৈ একাংশ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই প্ৰতিবাদকাৰী ভাষাকো তিৰস্কাৰ কৰি চোঁচৰাই-বগৰাই আৰক্ষীয়ে আটক কৰে মহিলা প্ৰতিবাদকাৰীক ৷ তাৰ পাচতে প্ৰশাসনে শিলসাঁকোত চলাই বুলড’জাৰ ৷

এই উচ্ছেদৰ মাজতে আৰক্ষী আৰু প্ৰশাসনৰ সন্মুখত নিজৰ ঘৰৰ টিঙত উঠি উচ্ছেদস্থলীতে আত্মজাহৰ ভাবুকি প্ৰদান কৰে এজন লোকে । স্বাভাবিকতে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া শিলসাঁকোত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ ।

লগতে পঢ়ক :Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ABOUT THE AUTHOR

...view details