অসম

assam

কলগাছিয়াত 73 সংখ্যক জ্যোতি স্মৰণ

ETV Bharat / videos

কলগাছিয়াত শিল্পী দিৱস উদযাপন, কাইলৈ জ্যোতি-বিষ্ণু-নজৰুল সন্দৰ্ভত আলোচনাচক্ৰ - 73rd Silpi divas

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:02 PM IST

কলগাছিয়া, 17 জানুৱাৰী: কলগাছিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে 73 সংখ্যক শিল্পী দিৱস উদযাপন । কলগাছিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জ্যোতি-ৰাভা-নজৰুল সংঘৰ উদ্যোগত বুধবাৰে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 73 সংখ্যক মৃত্যু তিথি শিল্পী দিৱস হিচাবে উদযাপন কৰা হয় । উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কলগাছিয়াত প্ৰয়াত সংগ্ৰামী নেতা আব্দুল কৰিম ভূঞাৰ নেতৃত্বত 1991 চনত স্থাপন হৈছিল জ্যোতি-ৰাভা-নজৰুল সংঘ ৷ 

সংঘটোৱে 25 বছৰ অতিক্ৰম কৰাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপনৰ কাৰ্যসূচী হাতত লৈছে । 73 সংখ্যক শিল্পী দিৱস উপলক্ষে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি অধ্যাপক আবু বক্কৰ ছিদ্দিক আৰু আয়োজক সমিতিৰ সভাপতি মৌলনা আব্দুল হামিদে । পতাকা উত্তোলন কাৰ্যসূচীত ৱৰ্ল্ড ডিফেন্স ফিজিকেল কোচিং চেন্টাৰৰ কৰ্মকৰ্তাসকলে সহযোগ কৰে । 

স্মৰ্তব্য যে, তিনিদিনীয়াকৈ আয়োজন কৰা শিল্পী দিৱসটিত জ্যোতিপ্ৰসাদৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাৰ উপস্থিতিত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব আলোচনাচক্ৰ । জ্যোতি-বিষ্ণু-নজৰুলৰ জীৱনাদৰ্শ সন্দৰ্ভত অনুষ্ঠিত কৰা আলোচনা চক্ৰটোত উপস্থিত থাকিবলৈ সমূহ ৰাইজলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে । 

লগতে পঢ়ক:কাৰ্যালয়তে গেলি পচি গ’ল কৃষকৰ প্ৰয়োজনীয় সামগ্ৰী, কাণসাৰ নাই কৃষি বিভাগৰ

ABOUT THE AUTHOR

...view details