Silpi Divas Observed: জাঁজীমুখত শিল্পী দিৱস উদযাপন - যুৱ সাংবাদিক সাৰংগপাণি শইকীয়া
ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে টীয়কৰ জাঁজীমুখৰ শংখধ্বনি গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত পুথিভঁৰালৰ প্ৰাংগনত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস অনুষ্ঠিত কৰা হয় (Silpi Divas Observed at Teok)। জাঁজীমুখ অঞ্চলৰে সদ্য প্ৰয়াত চিত্ৰ শিল্পী জিতু ভূঁঞাৰ পুণ্য স্মৃতিত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে উদ্যোক্তাসকলে (Silpi Divas Observed across Assam)। তাৰ পাচতে সন্ধিয়ালৈ অঞ্চলৰ প্ৰতিভাবান শিশুসকলক লৈ এক বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । লুইতৰে পানী যাবি অ' বৈ শীৰ্ষক নামেৰে আয়োজন কৰা এই বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত স্থানীয় বহুসংখ্যক শিশু শিল্পীয়ে গীত,কবিতা , নৃত্য, অভিনয় প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। এই অনুষ্ঠানত টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, যুৱ কুটীৰ শিল্পী অবিনাশ হাজৰিকা, যুৱ সাংবাদিক সাৰংগপাণি শইকীয়া, যুৱ সমাজ কৰ্মী বিপ্লৱ ফুকনকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।