Extension of route to Rangia by train: ৰঙিয়ালৈ যাত্ৰাপথ সম্প্ৰসাৰণ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ - MLA Bhavesh Kalita
Published : Sep 5, 2023, 4:24 PM IST
ৰঙিয়া,৫ ছেপ্টেম্বৰ:সুদীৰ্ঘ অপেক্ষাৰ অন্তত ১৫৬১১/১৫৬১২ নম্বৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্রাপথৰ সম্প্ৰসাৰণ কৰা হৈছে ৰঙিয়ালৈ । বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক সংযুক্ত কৰিবলগীয়া ৰে'লখনৰ নতুন যাত্ৰাৰ সোমবাৰে ৰঙিয়া ষ্টেচনত ফ্লেগ অফ কৰা হয় ।
ফ্লেগ অফ কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । সপ্তাহত তিনিদিনকৈ চলাচল কৰিবলগীয়া এই এক্সপ্ৰেছ ৰে'লগাড়ীখনে এতিয়াৰেপৰা গুৱাহাটীৰ পৰিৱৰ্তে ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব । সপ্তাহৰ প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে বিয়লি ৩-৪৫ বজাত এই ৰে'লগাড়ীখনে ৰঙিয়া ৰে'ল জংচনৰপৰা যাত্ৰা আৰম্ভ কৰি পাছদিনা পুৱা ৪-৩০ বজাত শিলচৰত উপস্থিত হ'ব ।
লগতে সপ্তাহৰ প্ৰতি দেওবাৰ, বুধবাৰ আৰু শুকুৰবাৰে নিশা ১০-৪০ বজাত শিলচৰৰপৰা ওভতনি যাত্ৰা আৰম্ভ কৰি পাছদিনা দিনৰ ১০-৪৫ বজাত ৰঙিয়াত উপস্থিত হ'ব ।অসম ৰে'লযাত্রী সংস্থাই বিগত কেইবাবছৰ ধৰি বৰাক উপত্যকাৰ সৈতে সংযোগ ঘটোৱা এই বিশেষ এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰঙিয়ালৈ সম্প্ৰসাৰণৰ বাবে দাবী জনাই আহিছিল । অৱশেষত এই দাবী পূৰণ হোৱাত ৰেলযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই ৰে'ল বিভাগক ধন্যবাদ জ্ঞাপন কৰে ।