অসম

assam

শিলচৰ কলেজিয়েট স্কুল

ETV Bharat / videos

Silchar Collegiate School controversy: শিলচৰ কলেজিয়েট স্কুলত মাচুল বৃদ্ধিৰ প্ৰতিবাদ - শিলচৰ কলেজিয়েট স্কুলত মাচুল বৃদ্ধিৰ প্ৰতিবাদ

By

Published : May 28, 2023, 11:11 AM IST

কৰিমগঞ্জ, ২৮ মে': বিতৰ্কৰ মাজত শিলচৰ কলেজিয়েট স্কুল (Silchar Collegiate School fee protest)। বিদ্যালয়ৰ বৰ্ধিত মাচুলক লৈ কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত বৃদ্ধি পাইছে সংঘাত । বৰ্ধিত মাচুল সংগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে অভিভাৱকসকলে । বৰ্ধিত মাচুলৰ বিৰোধিতা কৰি বিদ্যালয়ৰ দেৱালত পোষ্টাৰ আঁৰি দিয়াক লৈ শনিবাৰে অভিভাৱক আৰু কৰ্তৃপক্ষৰ মাজত তীব্ৰ সংঘাতৰ সূত্ৰপাত হয় । শিলচৰ কলেজিয়েট স্কুলৰ পৰিচালনা সমিতিও বিতৰ্কত লিপ্ত হয় । শনিবাৰে একাংশ অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত হয় বাক-বিতণ্ডা ।  

বিদ্যালয়খনৰ বাহিৰত একাংশ অভিভাৱকে বৃদ্ধি পোৱা মাচুলৰ বিৰোধিতা কৰি বিদ্যালয়ৰ দেৱালত প্ৰতিবাদৰ পোষ্টাৰ আঁৰে । এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যালয়ৰ দেৱালত জাননী, বেনাৰ বা পোষ্টাৰ লগোৱা বাবে বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতিৰ প্ৰয়োজন । অনুমতি অবিহনে প্ৰতিবাদৰ পোষ্টাৰ লগোৱাত আপত্তি প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই ।  

উল্লেখ্য় যে শিলচৰ কলেজিয়েট স্কুলৰ মাচুল পাঁচ বছৰৰ পাছত ১০০০ লৈ বৃদ্ধি হোৱা বুলিও বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে সদৰি কৰিছে । ইপিনে, একাংশ অভিভাৱকে এই সন্দৰ্ভত কয় যে এই বৰ্ধিত মাচুলৰ বিপৰীতে অহা সোমবাৰে কাছাৰ জিলা দণ্ডাধীশক স্মাৰক পত্ৰ দাখিল কৰিব ।

লগতে পঢ়ক:Cotton University: কটন বিশ্ববিদ্যালয়ৰ ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত বঁটা প্ৰদান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details