অসম

assam

চাকৰিৰ প্ৰলোভন দি যুৱতীৰ অন্তৰ্বাস পৰিধান কৰা ফটো বিচাৰিলে SI লোহিত ৰাজবংশীয়ে

ETV Bharat / videos

Objectionable Message To Woman: যুৱতীৰ অন্তৰ্বাস পৰিহিত ফটো বিচাৰি নিলম্বিত হ'ল আৰক্ষী বিষয়া - আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

By

Published : Jul 14, 2023, 10:28 PM IST

তেজপুৰ, 14 জুলাই : ইটোৰ পিচত সিটো বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ স্মাৰ্ট আৰক্ষী ৷ এইবাৰ খাকী পোচাকত পুনৰ দাগ লগালে এজন আৰক্ষী বিষয়াই ৷ খাকী পোচাক পিন্ধিয়েই কাণত ধৰি আঠু কাঢ়িবলৈ বাধ্য হ’ল আৰক্ষী বিষয়াজন ৷ তেজপুৰ আৰক্ষী নিৱেশৰ সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক লোহিত ৰাজবংশীক আঠু কঢ়ালে তেজপুৰ ডেকাৰগাঁও বৰুৱা চুবুৰী অঞ্চলৰ ৰাইজে ৷

প্ৰকৃততে পৰকিতি লৰিছিল এইগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ ৷ জীয়ৰী বয়সৰ যুৱতীক চাকৰি দিয়াৰ প্ৰলোভন দি বিচাৰিছিল অন্তৰ্বাস পিন্ধা ফটো ৷ ৰাজবংশীয়ে নতুনকৈ ঘৰ সাজিছে বৰুৱা চুবুৰীত ৷ সেয়ে অঞ্চলটোৰ ৰাইজৰ সৈতে নতুন চিনাকী ৷ কিন্তু SI ৰাজবংশীয়ে চুবুৰীৰ এগৰাকী স্নাতক বৰ্ষৰ ছাত্ৰীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি হোৱাটছ এপত অশ্লীল মেছেজ দিয়ে ৷ 

ছাত্ৰীগৰাকীয়ে বিষয়টো ঘৰৰ লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ লগে লগে আজি স্থানীয় ৰাইজে লোহিত ৰাজবংশীক ঘেৰাও কৰি কাণত ধৰাই আঠু কঢ়াই ৷ ভৱিষ্যতে সেই ঠাইত প্ৰৱেশ নকৰিবলৈ সকীয়াই দিয়ে স্থানীয় ৰাইজে ৷  

এই ঘটনাৰ পিচতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে লোহিত ৰাজবংশীৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত নোহোৱালৈকে চাকৰিৰ পৰা নিলম্বন কৰে ৷ 

‘‘তেজপুৰ এজন আৰক্ষীৰ দ্বাৰা এগৰাকী মহিলালৈ আপত্তিজনক বাৰ্তাৰ প্ৰসংগত - তেজপুৰ আৰক্ষীৰ সশস্ত্ৰ শাখা উপ-পৰিদৰ্শক লোহিত ৰাজবংশীক নিলম্বিত ৰখা হৈছে আৰু সাতটা কৰ্মদিনৰ ভিতৰত এটা বিভাগীয় তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে যাৰ পিছত আটাইতকৈ শক্তিশালী উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।  এজন আৰক্ষীৰ দ্বাৰা কোনো বিপথগামী আচৰণ সহ্য কৰা নহ'ব।’’ টুইটযোগে এই কথা সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ 

লগতে পঢ়ক:Dalit girl gang raped in Rajasthan Karauli : ধৰ্ষণ কৰি মুখত এচিড ঢালিলে দুষ্কৃতিকাৰীয়ে; ভুক্তভোগী পৰিয়ালৰ সৈতে ধৰ্ণাত বহিল সাংসদ

ABOUT THE AUTHOR

...view details