অসম

assam

SI জোনমণি ৰাভাৰ মৃত‍্যুৰ প্ৰমাণ পত্ৰ সংগ্ৰহ মাতৃ সুমিত্ৰা ৰাভাৰ

ETV Bharat / videos

SI Junmoni Rabha Death Case:SI জোনমণি ৰাভাৰ মৃত‍্যুৰ প্ৰমাণ পত্ৰ সংগ্ৰহ মাতৃ সুমিত্ৰা ৰাভাৰ - CID

By

Published : Jul 12, 2023, 8:37 PM IST

কলিয়াবৰ,12 জুলাই:SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কোন দিশে ! গৰু মৰিল পোকো সৰিল দৰে হ’ব নেকি SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ! প্ৰকৃত তথ্য ফাদিল কৰিব পাৰিব নে CBI য়ে ! এই সমূহ সন্দেহ মাজতে ন্যায়ৰ অপেক্ষাত প্ৰয়াত SI জোনমণি ৰাভাৰ মাতৃ ৷ 

জোনমণি ৰাভাৰ মৃত্যু আজি ৫৭ দিন পাৰ হ’ল যদিও কেৱল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰাৰ খবৰৰ বাদে কাৰো হাতত নাই একো তথ্য ৷ তাৰ মাজতে বুধবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল জোনমণি ৰাভাৰ মাতৃ ৷ জোনমণি ৰাভাৰ মৃত‍্যুৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ আহিল জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই ৷

প্ৰমাণ পত্ৰ গ্ৰহণ কৰি পৰিয়ালে ন‍্যায় পোৱাৰ আশাত অপেক্ষাৰত বুলি উল্লেখ কৰি সুমিত্ৰা ৰাভাৰ ভাষ্য় ‘‘ CBI য়ে ভালদৰে তদন্ত কৰিলে আচল কথা ওলাই পৰিব ৷ CID য়ে বহুত হেলা কৰিলে, CBIৰ তদন্ত প্ৰক্ৰিয়াও দেৰি হ’ল ৷ CBI য়ে আমাৰ ঘৰলৈ আৰু নগাঁৱস্থিত জোনমণি ৰাভাৰ চৰকাৰী আবাসলৈ তদন্তৰ বাবে গৈছিল ৷’’ 

দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব নে নাপায় সেয়া সময়ে ক’ব ৷ কিন্তু বুধবাৰে আনুষ্ঠানিকতাৰ নামত অকালতে হেৰুওৱা কন্যাৰ মৃত‍্যুৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিলে প্ৰয়াত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই ৷

লগতে পঢ়ক:Junmoni Rabha case update: কি পৰ্যায়ত আছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত ?

ABOUT THE AUTHOR

...view details