অসম

assam

শ্ৰুতি অমৃত অনুষ্ঠান

ETV Bharat / videos

Shruti Amrut programme: গুৱাহাটীত অনুষ্ঠান কৰিবলৈ আহিব প্ৰসিদ্ধ বাঁহী বাদক হৰিপ্ৰসাদ চৌৰাছিয়া

By

Published : Feb 16, 2023, 4:13 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: গুৱাহাটীৰ সংস্কৃতিৱান লোকসকলৰ বাবে এটা সু-খবৰ । অহা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিবলৈ আহিব প্ৰসিদ্ধ বাঁহী বাদক হৰিপ্ৰসাদ চৌৰাছিয়া (Flutist Hariprasad Chaurasia) আৰু জনপ্ৰিয় চেতাৰ বাদক ওস্তাদ চাহিদ পাৰবেজ খান (Ustad Shahid Parvez Khan) । কেৱল ইমানেই নহয়, গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছে কাৱালি শিল্পী Warsi brothers আৰু চিকিমৰ পৰম্পৰাগত লোক-নৃত্য শৈলীৰে অতি জনপ্ৰিয় হোৱা Singhi Chham Dance ৰ এটা দল (Speak Mackay’s Shruti Amrut programme) ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান স্পিক-মেকৰ যৌথ উদ্যোগত গুৱাহাটীত অহা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব "শ্ৰুতি অমৃত" শীৰ্ষক শাস্ত্ৰীয় সংগীত তথা লোক সংগীত-নৃত্য, বাদ্যৰ এক বিশেষ অনুষ্ঠান (SPIC MACAY and Culture Ministry collab on Shruti Amrut)।

বুধবাৰে গুৱাহাটীত এক সংবাদমেল যোগে এই অনুষ্ঠানটোৰ বিষয়ে সদৰি কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰ’ উপাচাৰ্য প্ৰণবীৰ সিঙে (Assam Down Town University Pro VC) ৷ তেওঁ কয় যে, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোক-নৃত্য তথা লোকবাদ্যক আজিৰ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক সচেতনতা আৰু সংবেদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত এনেধৰণৰ অনুষ্ঠান কৰি আহিছে স্পিক-মেক নামৰ অনুষ্ঠানটোৱে ।

তেওঁ লগতে কয় যে, স্পিক-মেক আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত এইবাৰ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া "Shruti Amrut" শীৰ্ষক অনুষ্ঠানৰ প্ৰথম দিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীত ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত খ্যাতনামা কাৱালি শিল্পী Warsi brothers ৰ কাৱালি আৰু চিকিমৰ লোক শিল্পীৰ দল Singhi Chham Dance ৰ দলে অনুষ্ঠান শুৱনি কৰিব (Shruti Amrut programme)।

প্ৰণবীৰ সিঙে লগতে কয় যে, অহা 18 ফেব্ৰুৱাৰীত গুৱাহাটীৰ আই টি এ প্ৰাগজ্যোতি প্ৰকল্পত প্ৰসিদ্ধ শিল্পী হৰি প্ৰসাদ চৌৰাছিয়াৰ সমধুৰ বাঁহীৰ মূৰ্চ্ছনা, ওস্তাদ সাহিদ পাৰবেজ খানৰ চেতাৰ পৰিবেশন অনুষ্ঠানৰ অন্যতম আকৰ্ষনীয় দিশ হ’ব । ইফালে এই অনুষ্ঠান উপভোগ কৰিব বিচৰা সকলো ছাত্ৰ-ছাত্ৰী, সাংবাদিক, সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া বুলিও জানিবলৈ দিয়ে । আজিৰ সংবাদ মেলত বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্ত, অসম ডাউন টাউন বিশ্ব বিদ্যালয়ৰ প্ৰশাসনিক মুৰব্বী অসীম কুমাৰ বৰ্মনো উপস্থিত থাকে ।

লগতে পঢ়ক:National Nutrition Mission: কেন্দ্ৰৰ অভিলাষী পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

ABOUT THE AUTHOR

...view details