Murder at Jonia : পেট্ৰ’ল ঢালি পূৰ্বৰ পত্নীক জ্বলাই হত্যা
বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Shocking incident at Kalgachia) ৷ 4 টা দিনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আকোঁৱালি ল’লে হাছিনা খাতুন নামৰ এগৰাকী মহিলাই ৷ অভিযোগ অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাঁওৰাচ’ৰাত পূৰ্বৰ পত্নীক পেট্ৰ’ল ঢালি জ্বলাই দিছিল জুৰান আলীৰ পুত্ৰ হাশেম আলীয়ে ৷ 23 অক্টোবৰত সংঘটিত এই লোমহৰ্ষক ঘটনাত শৰীৰৰ অধিক অংশই জ্বলি যোৱা হাছিনা খাতুনৰ অৱশেষত 27 অক্টোবৰত মৃত্যু ঘটে ৷ মৃত্যুৰ পূৰ্বে পূৰ্বৰ স্বামী হাশেম আলীয়ে পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰা বুলি হাছিনা খাতুনে স্বীকাৰোক্তি দি গৈছে (Murder in Jonia) ৷ ইফালে হাছিনাৰ মৃত্যুৰ পাচত হাশেম আলীক আটক কৰাৰ লগতে ফাঁচিৰ দাবী উত্থাপন কৰিছে হাছিনাৰ আত্মীয়ৰ লগতে গাঁওবাসীয়ে ৷ উল্লেখ্য যে, প্ৰায় 10-12 বছৰ পূৰ্বে সামাজিক নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল দুয়ো ৷ কিন্তু পাৰিবাৰিক কন্দলৰ বাবে হাছিনা খাতুনে হাশেম আলীৰ পৰা সামাজিকভাৱে পৃথকে থকাৰ সিদ্ধান্ত লৈ মাকৰ ঘৰত আছিলগৈ । পৰৱৰ্তী সময়ত হাশেমে দ্বিতীয় বিবাহ কৰিলে যদিও চেন্নাইত হাছিনা আৰু হাশেম আলীয়ে পুনৰ একেলগে থকা বুলি জনালে স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST