অসম

assam

মাদ্ৰাছাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চঞ্চল্য কৰিমগঞ্জত

ETV Bharat / videos

Student Deid in Cachar: মাদ্ৰাছাত ছাত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰক লৈ কাছাৰত চাঞ্চল্য - কাছাৰত এক চাঞ্চল্যকৰ ঘটনা

By

Published : Aug 13, 2023, 3:15 PM IST

Updated : Aug 13, 2023, 6:03 PM IST

কৰিমগঞ্জ ,13 আগষ্ট: কাছাৰত এক চাঞ্চল্যকৰ ঘটনা ৷ এখন মাদ্ৰাছাৰ হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এটি ১২ বছৰীয়া কিশোৰৰ মৃতদেহ ৷ ধলাইৰ বাগৰ বজাৰ ঘাটৰ দাৰুছ চালাম হাফিজিয়া আৰু আলিয়া মাদ্ৰাছাত এই ঘটনা ৷ 

স্থানীয় লোকৰ মতে, কিশোৰটোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৷ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰা চিন আছে ৷ এয়া এক হত্যাকাণ্ড ৷ যেতিয়া হোষ্টেলৰ দুৱাৰ খুলি দিয়া হৈছিল তেতিয়া প্ৰত্যক্ষ কৰে কিশোৰটোৰ মৃতদেহ ৷ 

মৃত কিশোৰটোৰ পৰিয়ালৰ লোকে কয় ‘‘এনে ধৰনৰ ঘটনা এয়া প্ৰথম দেখিছোঁ ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰিব লাগিব ৷ আমাক ন্যায় লাগে ৷’’ 

আনহাতে এই ঘটনাক খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক নোমল মাহাত্তো ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷  পিছে কেনেকৈ ছাত্ৰজনৰ মৃত্যু হ’ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:Tense situation at Karimganj Civil Hospital : চিকিৎসকৰ গাফিলতিৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যু; অভিযোগ পৰিয়ালৰ

Last Updated : Aug 13, 2023, 6:03 PM IST

ABOUT THE AUTHOR

...view details