Sonari incident: সতীৰ্থ হত্যাকাৰী দীপক কাকতিৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ চৌহদত মঙলবাৰে পুৱাই সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাই (Sonari police thana incident)। কিয়নো সদৰ থানাৰ চৌহদতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক । গুলী চালনাত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আৰক্ষীজন । দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ । ঘটনাৰ পাছতে সতীৰ্থক হত্যা কৰা দীপক কাকতিক গ্ৰেপ্তাৰ কৰে সোণাৰি আৰক্ষীয়ে । ইয়াৰ পাছতে আজি আদালতত হাজিৰ কৰা হয় দীপক কাকতিক । আদালতলৈ যোৱাৰ সময়ত আৰক্ষী বেষ্টনীৰ মাজৰ পৰাই দীপক কাকতিয়ে ক'লে "মোৰ ভুল হৈ গ'ল, এতিয়া মনটো বহুত বেয়া লাগিছে , সি মোক মাৰিছিল সেই খঙতে মই মাৰি দিলো" (shocking confession of fellow killer Deepak Kakati)। আজি আদালতত দীপক কাকতিক সোণাৰি আৰক্ষীয়ে হাজিৰ কৰাই এদিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয়(Murderer of Gokul basumatary statement) । সতীৰ্থৰ মাজত হোৱা কাজিয়াৰ বাবেই এই ঘটনা সংঘটিত হ'ল নে আন কিবা আৰক্ষীৰ তদন্তৰ পাছতেই পোহৰলৈ আহিব ।
Last Updated : Feb 3, 2023, 8:35 PM IST
TAGGED:
Sonari police thana incident